
গোলাঘাট জিলাৰ শেহতীয়া ক’ভিদৰ বিষয়ে আলোচনা মিলিত হয় গোলাঘাট প্ৰশাসনৰ লগতে সংশ্লিষ্ট বিভাগসমূহৰ লগত। উক্ত আলোচনাত সহযোগ কৰে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা আৰু মন্ত্ৰী অতুল বৰাই। গোলাঘাটত এশজন ট্ৰেভেল হিষ্ট্ৰি নথকা লোকক ক’ভিদ পজিটিভ চিনাক্ত কৰা হৈছে। সেইবাবে ভাৰত চৰকাৰে ১৫ আগষ্টৰ ভিতৰত গোলাঘাটত আঢ়ৈ হাজাৰ পজিটিভ কেচ পোৱাৰ আশংকা কৰিছে। বৰ্তমান লাহে লাহে ৰোগীসকলৰ স্বাস্থ্য কিছু জটিল হৈছে, ৰোগীসকলৰ অক্সিজেন কমি যোৱাৰ লক্ষণ দেখা পোৱা গৈছে। এইসকল লোকৰ চিকিৎসা আৰু ৰেপিড টে’ষ্টৰ শীঘ্ৰে ফলাফল পোৱাৰ চিন্তা কৰা হৈছে।
গোলাঘাটৰ ব্যক্তিগত নাৰ্চিং হোমৰ প্ৰত্যেককে পৰীক্ষা কৰিবলৈ গোলাঘাটৰ উপায়ুক্তক জনোৱা হৈছে। টেটৰ নিযুক্তি আগষ্ট মাহত কৰা হ’ব বুলি সংবাদ মাধ্যমত জানিবলৈ দিয়ে। বিদ্যালয় খোলাৰ আগতে টেট শিক্ষক নিযুক্তি দিয়া হ’ব। ধুবুৰীৰ সাংবাদিক ৰাজীৱ শৰ্মাৰ বিষয়টোত মুখ্যমন্ত্ৰীয়ে তদন্তৰ নিৰ্দেশ দিয়া বুলি জানিব দিয়ে। অহা ২০ তাৰিখে কাজিৰঙা বান পৰিস্থিতি পৰ্যাবেক্ষণ কৰিব হিমন্ত বিশ্ব শৰ্মাই। ব্ৰহ্মপুত্ৰৰ তলেদি নুমলীগড় গহপুৰ সংযোগি সুৰংগৰ বিষয়টো ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা বিভাগৰ।










