![]()
নিউজ ডেক্স:
আতিমাৰী ক’ৰোনা ভাইৰাছৰ প্ৰভাৱ নপৰা পৃথিৱীৰ এনে কোনো দেশ হয়তো নোলাব ৷ সমগ্ৰ বিশ্বত হু হৱাই সংক্ৰমণ বৃদ্ধি পাইছে ৷ প্রতিদিন দেশৰ চুকে- কোনে হাজাৰ হাজাৰ মানুহ ক’ৰোনা ভাইৰাছত আক্রান্ত হৈছে ।দিনে দিনে বৃদ্ধি হৈছে মৃতকৰ সংখ্যাও। ক’ৰোনাৰ সংক্রমণৰ তালিকাত ভাৰত (india) এতিয়া বিশ্বৰ ভিতৰত তৃতীয় স্থানত উপনীত হৈছে ৷

সমগ্ৰ দেশত ক’ৰোনাৰ সংক্ৰমন ১০ লাখ অতিক্ৰম কৰিছে ৷ দেশৰ সকলো প্ৰান্তত ক’ৰোনাৰ বৃদ্ধি পালেও লক্ষ্যদ্বীপত এতিয়ালৈকে এজনো ক’ৰোনাক্ৰান্তৰ সন্ধান পোৱা হোৱা নাই ৷ দেশৰ সকলো প্রান্তত সংক্রমণ। কঠোৰ নিয়মানুবর্তিতাই ভাৰতৰ এই কেন্দ্রশাসিত অঞ্চলক এতিয়াও ক’ৰোনামুক্ত ৰাখিছে।দেশত ক’ৰোনাত মৃতকৰ সংখ্যা বৃদ্ধি হৈ ২৫ হাজাৰ ৬০২।

দেশৰ প্রতিখন ৰাজ্যত ও কেন্দ্রশাসিত অঞ্চলত হাতোৰা মাৰিছে ক’ৰোনাই ৷ কিন্তু আৰব সাগৰৰ পাৰত অবস্থিত ভাৰতৰ কেন্দ্রশাসিত অঞ্চল লক্ষদ্বীপত এতিয়াও কোনো ক’ৰোনাত সংক্রমিত হোৱা নাই ।দেশৰ অনান্য ৰাজ্য সমূহতকৈ বহু পূৰ্বেই ক’ৰোনাকলৈ পদক্ষেপ লবলৈ আৰম্ভ কৰে লক্ষদ্বীপে ৷ বহু পূৰ্বেই লক্ষদ্বীপত যাতায়তত নিষেধাজ্ঞা জাৰি কৰিছিল লক্ষদ্বীপ প্ৰশাসনে ৷

বাহিৰৰ পৰা কাকো লক্ষদ্বীপত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই ৷ইয়াৰোপৰি অত্যন্ত প্ৰয়োজন নোহোৱাকৈ কাকো বাহিৰলৈ যাবলৈ দিয়া হোৱা নাই ৷ কৰ’নাৰ সংক্রমণ ৰুধিবলৈ এই চূড়ান্ত সতর্কতামূলক পদক্ষেপৰ বাবে লক্ষদ্বীপক আজি পর্যন্ত কৰ’নামুক্ত হৈ থাকিব পাৰিছে বুলি জানিব পৰা গৈছে ৷











