
উত্তৰ পূৰ্বাঞ্চলকে ধৰি পশ্চিম বংগত অহা ১৯ জুলাইৰ পৰা ২১ জুলাইলৈকে ধাৰাসাৰ বৰষুণ হ’ব ৷ এই ভৱিষ্যৎবাণী শুনাইছে ভাৰতৰ বতৰ বিজ্ঞান বিভাগে৷ উত্তৰ, উত্তৰ পূৰ্বাঞ্চল বিশেষকৈ অসম, মেঘালয় আৰু পশ্চিম বংগ এই তিনিখন ৰাজ্যক ৰেড এলাৰ্ট জাৰি কৰিছে৷ আনহাতে অহা ১৯-২০ জুলাইত ৰেড এলাৰ্ট জাৰি কৰিছে অৰুণাচল প্ৰদেশকো ৷
আনহাতে, ২১ জুলাইত অৰুণাচল প্ৰদেশক সতৰ্ক কৰিছে বিভাগটোৱে৷ এইআগজাননীয়ে আতংকৰ সৃষ্টি কৰিছে অসমক৷ যিহেতু কিছুদিনৰ আগতে প্ৰৱল বৰষুণৰ বাবে ৰাজ্যখনত বানৰ সৃষ্টি হয়৷ এই বানত ৩৩ খন জিলাৰ ভিতৰত ২৭ খন জিলাৰ ৩৯.৮ লাখৰো অধিক লোক ইতিমধ্যে ক্ষতিগ্ৰস্ত হৈছে৷ এতিয়া পুনৰ আগজাননী দিয়াত অসমৰ বানাক্ৰান্ত চিন্তাত পৰিছে৷











