
অজন্তা তালুকদাৰ
বোকাখাত : সমগ্ৰ ৰাজ্যৰ লগতে সাম্প্ৰতিক বানত ক্ষতিগ্ৰস্ত হৈছে বোকাখাতৰ কৃষক সমাজ। সেয়েহে মহকুমাটোৰ বানাক্ৰান্ত কৃষকক কিছু সকাহ দিয়াৰ উদ্দেশ্যে প্ৰায় ২০০ বিঘা মাটিত ভূঁই ৰুব পৰাকৈ মুঠ ২০ বিঘা মাটিত কঠিয়া উৎপাদন কৰাৰ এক পৰিকল্পনাৰে বোকাখাত ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা সমাজকৰ্মী জিতু শইকীয়াৰ উদ্যোগত আজিৰ পৰা আৰম্ভ হৈছে কঠিয়া পৰা। প্ৰথম পৰ্যায়ত সমাজকৰ্মী শইকীয়াৰ উদ্যোগত আৰু কুৰুৱাবাহী মণ্ডল কংগ্ৰেছ, মহিলা কংগ্ৰেছৰ সহযোগত আজি বোকাখাতৰ খতিয়াখলিৰ দহ বিঘা মাটিত লক্ষণশালি আৰু সুৱাগমণি এই দুই প্ৰজাতিৰ উন্নত মানৰ শালি ধানৰ কঠিয়াৰ বীজ পৰা হয়।

জ্যেষ্ঠ সাংবাদিক বুবুল দত্তই আঁত ধৰা কঠিয়া পৰা কাৰ্যসূচীৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতাই আৰু শুভাৰম্ভ কৰে সমাজকৰ্মী জিতু শইকীয়াই। এই কাৰ্যসূচীত বোকাখাতৰ সাংবাদিকৰ উপস্থিতিত কংগ্ৰেছৰ দলীয় কৰ্মীসকলৰ ওপৰিও কৃষক মুক্তি, জীপালৰ আঞ্চলিক সদস্যসকল, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদকদ্বয় ক্ৰমে দাদু টায়ে আৰু পৰাগ শইকীয়া, গোলাঘাট জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী মিনতি দলে আৰু উপসভানেত্ৰী হেম কুমাৰী দাস, বোকাখাত ব্লক মহিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰী মামনি বৰা, গোলাঘাট জিলা ইয়ং ব্ৰিগেড সেৱা দলৰ উপসভাপতি সীমান্ত শইকীয়া, বোকাখাত ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি ধৰ্মেশ্বৰ কুৰ্মী, কুৰুৱাবাহী সমবায় সমিতিৰ সভাপতি বিপুল দাস, শৈলেন ৰেগন, বোকাখাত ব্লক কংগ্ৰেছ কমিটিৰ কোষাধ্যক্ষ সুভাস চাহু, কুৰুৱাবাহী মহিলা কংগ্ৰেছৰ সভানেত্ৰী মমতা শইকীয়া গগৈ, অসম চাহ-মজদুৰ সংঘৰ বোকাখাত শাখাৰ সম্পাদক তপন কৰ্মকাৰ, বোকাখাত ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদকদ্বয় লক্ষী শইকীয়া আৰু দিগন্ত গগৈ, গোপাল দাস, কুৰুৱাবাহী মণ্ডল কংগ্ৰেছ কমিটিৰ সম্পাদক বুবুল শইকীয়া, শিক্ষয়িত্ৰী বন্দনা দত্ত, কুৰুৱাবাহী মণ্ডল কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি হীৰা গগৈ, জয়ন্ত শইকীয়া, বোকাখাত ব্লক যুব কংগ্ৰেছৰ সভাপতি সত্যেন শইকীয়া, গোলাঘাট জিলা সংখ্যালঘু কোষৰ সভাপতি জাফৰ আলী, বোকাখাত যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অৰিন্দম বড়ি, বোকাখাত মণ্ডল কংগ্ৰেছৰ সভাপতি প্ৰণিত বৰুৱা, কুৰুৱাবাহী সমবায় সমিতিৰ উপসভাপতি নাৰায়ণ কুটুম আদিৰ লগতে বহুসংখ্যক স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে ।

উল্লেখ্য যে সাম্প্ৰতিক বানত ক্ষতিগ্ৰস্ত মহকুমাটোৰ বিভিন্ন অঞ্চলৰ বানাক্ৰান্ত ৰাইজক যুৱ সমাজকৰ্মী জিতু শইকীয়াই ব্যক্তিগতভাৱে বিভিন্ন আশ্ৰয় শিবিৰত বান সাহায্য প্ৰদান কৰাৰ লগতে যোৱা ১৭ জুলাইত তেখেতৰ জন্মদিন উপলক্ষ্যে গেলেকীৰ এটা আশ্ৰয় শিবিৰত থকা লোক সকলক এসাজ ভাতেৰে তেখেতে আপ্যায়ন কৰে।










