
অজন্তা তালুকদাৰ
বোকাখাত : অপৰিবৰ্তিত হৈ আছে বোকাখাতৰ বান পৰিস্থিতি। ৰাজ্যখনৰ প্ৰায়বোৰ জিলাৰ লগতে গোলাঘাট জিলাৰ বোকাখাত ৰাজহ চক্ৰৰ অন্তৰ্গত নৈ পৰীয়া অঞ্চলসমূহত ভয়ানক ৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰ আৰু ধনশিৰি নদীৰ বাঢ়নী পানীয়ে। ভিতৰুৱা গাওঁসমূহৰ পথাৰ, গাওঁ আৰু ৰাস্তা পথ বৰ্তমানো পানীত বুৰ গৈ আছে। কেউদিশে অস্বাস্থ্যকৰ পৰিবেশ বিৰাজ কৰিছে। বোকাখাতত ৰাষ্ট্ৰীয় ঘাইপথৰ বহু ঠাই বাঢ়নী পানীৰ কবলত পৰাৰ বাবে মহকুমা প্ৰশাসনে যানবাহন চলাচল বন্ধ কৰিছিল যদিও বৰ্তমান মুকলি কৰি দিছে। বৰ্তমান বোকাখাত ৰাজহ চক্ৰৰ অধিনৰ ৬৪খন গাওঁ অধিক ক্ষতিগ্ৰস্ত হৈছে। মহুৰা মৌজাৰ ধনশিৰি টেমেৰা, ৰিৰি, নিকৰি, বঙকোৱাল, মাজদোলোপা, ভুলুকাগূৰি, অফলা, গৰৈমাৰি, বিল”তিয়া, হাঁহচৰা, বৰপাক, বৰটিকা, গৰিয়া গাওঁ, বুধবাৰি, ধোদাঙ আৰু ১নং ৰঙাগড়া ।
বোকাখাত মৌজাৰ দুই নং প’ৰঙনিয়া, মোৰিয়াহোলা, শিলজুৰি কাকজুৰি, যোগনিয়া আটি, দিঘলীআটি, কুৰুৱাবাহি, কুৰুৱাবাহি সত্ৰ, বৰাইখোৱা যুগল আটি গাওঁ , দ’ গাওঁ, বোকাখাত টাউন (ৱাৰ্ড নং ১) কুমাৰণী আটি, কুমাৰণী পথাৰ, ৰ’দুৱাৰ পথাৰ। কাজিৰঙা মৌজাৰ বেল’গূৰি, বহিখোৱা, দুই নং শিলডুবি, ১নং শিলডুবি, হাতীখুলি বাগিছা গাঁও, হালধিবাৰী, বামুণ গাঁও, কাজিৰঙা এন. চি, জাপৰি পথাৰ, ডিফলু পথাৰ, তামুলী পথাৰ, ২নং কহঁৰা গাওঁ,আহোম গাওঁ, কান্ধোলিমাৰি,বৰজুৰি বাগিচা গাওঁ,বৰজুৰি গাওঁ, শিলজুৰি, মেঠনি, গোসানিবৰ, ১নং দোমজান, ২নং দোমজান, বচাগাওঁ, অগৰাতলি মহপৰা, লুখুৰাখনিয়া, ১নং কহৰা, চেপেনাকোবোৱা, ২ নং শিলডুবি, বেজ গাওঁ, পলাশগুৰি গাওঁ,কৰৈ আটি গাওঁ, হালুৱা গাওঁ আৰু কলাখোৱা গাঁৱৰ লোকসকল বানত ক্ষতিগ্ৰস্ত হৈছে।
মুঠ মাটি কালিৰ প্ৰায় ১৬১৬ হেক্টৰ কৃষি এলেকা ক্ষতিগ্ৰস্ত হৈছে। আজিৰ বিয়লি পৰলৈ পোৱা তথ্য অনুসৰি প্ৰভাৱিত জনসংখা (প্ৰায়) ৮১৬০০ জন আৰু এইক্ষেত্ৰত সমীক্ষা চলাই থকা হৈছে আৰু পৰবৰ্তী প্ৰতিবেদনত এই সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

আনহাতে আজি পৰ্যন্ত প্ৰায় ২১০০০ জীৱ-জন্তু এই সময়চোৱাত বানৰ দ্বাৰা প্ৰভাৱিত হৈছে। মহকুমাটোত আজি পৰ্যন্ত বিতৰণ কৰা বান সাহাৰ্য্যৰ পৰিমাণ হৈছে ২৭৬৭.০১৮কুইন্টল চাউল, ৫০৬.৬৮৩ কুইন্টল দাইল ১৫১.৯৪৫৯ কুইন্টল নিমখ, ১৫১৯৪.৪৯ লিটাৰ মিঠাতেল
৮৩ কি.গ্ৰাম চেনি ৪ কুইন্টল ৫০ কেজি চিৰা।
৩৮২ পেকেট শিশু খাদ্য ৯৫০ কুইণ্টল পশুখাদ্য ৬৭০ পেকেট মমবাতি ২০৫ পেকেট জুইশলা বাকচ ৩৫০ পেকেট মহ খেদোৱা ধূপ
৭০০০ খন ফেচ মাক্স ১০০০ খন টাৰপ’লিন আদি।প্ৰশাসনৰ তৰফৰ পৰা বানাক্ৰান্ত এলেকাত নতুনকৈ ২৮ টা হেণ্ড টিউবৱেল স্থাপন কৰাৰ লগতে মুঠ ৩৬ টা হেণ্ড টিউবৱেল মেৰামতি কৰা হয়। আশ্ৰয় শিবিৰসমূহ চেনিটাইজ কৰাৰ লগতে ৰাইজৰ মাজত এতিয়ালৈকে মুঠ ১২০০টা কেমিকেলৰ পেকেট, ১২,৫০০ টা ব্লিচিং পাউদাৰৰ পেকেট, ৬৬,০০০ টা হেলজেন টেবলেট বিতৰণ কৰাৰ লগতে বানপানীৰ এলেকাত ২৭০০০ লিটাৰ খোৱাপানী যোগান ধৰা হৈছে। ইয়াৰ উপৰিও ১৮ টা অস্থায়ী শৌচাগাৰ নিৰ্মাণ কৰা হৈছে । বৰ্তমানলৈকে ৯৩ টা বান সাহাৰ্য বিতৰণ শিবিৰ স্থাপন কৰা হৈছে। ২০টা আশ্ৰয় শিবিৰত ৩১৯৮জন লোকে আশ্ৰয় লৈ আছে।
ৰাজ্যিক দুৰ্যোগ সঁহাৰি বল আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বলৰ ৪ টা দলৰ সহায়ত মুঠ ২৮৬ জন লোকক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে। অদ্যপি দুৰ্ভাগ্যজনক ভাৱে কান্দুলিমাৰী গাঁৱৰ মহেন্দ্ৰ খেৰীয়াৰ ২২ বছৰীয়া পুত্ৰ বাবু খেৰীয়া বানপানীত উটি যায় আৰু পিচত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয়। প্ৰয়াত সৰ্বেশ্বৰ দলেৰ পুত্ৰ মদেশ্বৰ দলে যোৱা ১৩ জুলাই তাৰিখে বানপানীত উটি যোৱাৰ ফলত মৃত্যু হয়। সমান্তৰালভাৱে ২০টা চিকিৎসা শিবিৰ স্হাপন কৰাৰ লগতে ৪টা পশু চিকিৎসা শিবিৰো স্হাপন কৰা হৈছে।











