
নগাঁও : কৰ’নাত আক্ৰান্ত নগাঁও আৰক্ষীৰ এগৰাকী জোৱানৰ স্বাস্থ্যৰ অৱস্থা অতি সংকটজনক হৈ পৰে। নজৰুল ইছলাম নামৰ এ বি কনিষ্টবলজনে কালি নিশাৰ পৰা শ্বাস-প্ৰশ্বাস জনিত সমস্যাত ভুগিছিল। নগাঁও আৰক্ষী অধীক্ষকৰ তৎপৰতাত আজি বিয়লি ইছলামৰ ৰেপিড এণ্টিজেন পৰীক্ষা কৰাৰ পিছতে তেওঁৰ দেহত কোভিড-১৯ৰ উপস্থিতি ধৰা পৰে। কোভিড আক্ৰান্ত কনিষ্টবল নজৰুল ইছলামক লগে লগে চিকিৎসাৰ বাবে নগাঁৱত ভৰ্তি কৰা হয় যদিও তেওঁৰ অৱস্থা অতি সংকটজনক হোৱাৰ বাবে গুৱাহাটীৰ খানাপাৰাস্থিত কোভিড হস্পিতাললৈ প্ৰেৰণ কৰা হয়।
ইপিনে, আৰক্ষী জোৱানগৰাকীৰ স্বাস্থ্যৰ অৱস্থাৰ বিষয়ে বুজ ল’লে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই। উল্লেখযোগ্য যে বৰ্তমানলৈকে নগাঁও আৰক্ষীৰ ১৩জন জোৱান কৰ’নাতড আক্ৰান্ত হৈছে।
অৱশ্যে ইয়াৰে এগৰাকীয়ে ইতিমধ্যে আৰোগ্য লাভ কৰে। আনহাতে নজৰুল ইছলাম নামৰ আৰক্ষীৰ জোৱান গৰাকীৰ স্বাস্থ্যৰ অৱস্থা অতি শোচনীয় হোৱাৰ ঘটনাই চিন্তিত কৰি তুলিছে নগাঁও আৰক্ষীক।











