
লামডিঙত পোহৰলৈ আহিছে প্ৰেমৰ প্ৰতাৰনাৰ এক জঘন্য ঘটনা ৷ ৬মাহৰ অন্তসত্ত্বাৰ এগৰাকী ১৮ বছৰীয়া কলেজীয়া ছাত্ৰী ন্যায় বিচাৰি উপস্থিত হ’ল লামডিঙ আৰক্ষী থানা ৷ অভিযোগ লামডিঙ হৰিওঁম টিলাৰ যুৱক তন্ময় মহহৰিৰ ওপৰত ৷ ডেৰ বছৰ পূৰ্ৱে ছাত্ৰীগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল অভিযুক্ত তন্ময়ৰ সৈতে ৷ বিয়াৰ প্ৰলোভনেৰে যোৱা জানুৱাৰী মাহত যুৱকজনৰ পেহীয়েকৰ ঘৰলৈ লৈ গৈছিল ছাত্ৰীগৰাকীক ৷
কিন্তু পেহীকৰ ঘৰৰ সলনি পেহীয়েকৰ আচাৰৰ ফেক্টৰিলৈ ছাত্ৰীগৰাকীক লৈ গৈ শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল ৷ এইখিনি লৈ সকলো ঠিকেই আছিল কিন্তু ছাত্ৰীগৰাকী বৰ্তমান গৰ্ভৱতী বুলি চিকিৎসকে পৰিয়ালক সদৰি কৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷ প্ৰেমিকা গৰ্ভৱতী হোৱাৰ পিছতেই লম্পট প্ৰেমিকে সকলো কথা অস্বীকাৰ কৰে ৷ ছাত্ৰীগৰাকীক বিবাহ কৰাৰটো দূৰৰ কথা এই সন্তানৰ পিতৃ নহয় বুলিও সমজোৱাকৈ প্ৰতাৰিত কৰে যুৱকজনে ৷ ন্যায় বিচাৰি ভুক্তভোগী পৰিয়ালে পশ্চিম লামডিঙ পঞ্চায়ত বিচাৰ দিয়ে যদিও যুৱকজনৰ পৰিয়ালে পঞ্চায়তৰ প্ৰক্ৰিয়াক অবমাননা কৰে ৷
অৱশেষত স্থানীয় ৰাইজৰ সহযোগত ভক্তভোগী ছাত্ৰী তথা পৰিয়ালে লামডিঙ আৰক্ষী থানাত লম্পট তন্ময় বিৰুদ্ধে ১৫১/২০ নম্বৰত ৩৭৬ ধাৰাত এটি গোচৰ ৰুজু কৰে ৷ নাচ গান কৰি ভালপোৱা সময়তে গৰ্ভত সন্তান কঢ়িয়াই দিশহাৰা হৈ পৰিছে পৰিছে ছাত্ৰীগৰাকী ৷ বৰ্তমান লামডিঙ আক্ষীয়ে লম্পট যুৱকজনৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষ্যনীয়।










