![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
আজি হাজোৰ বান বিধস্ত অঞ্চল পৰিভ্ৰমণ কৰে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই। হাজোৰ মনাহকুছিত উপস্থিত হৈ সাংসদগৰাকীয়ে চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে। বান সাহাৰ্যৰ পৰা বানাক্ৰান্ত ৰাইজ বঞ্চিত হোৱাৰ লগতে মথাউৰি নিৰ্মাণত দুৰ্নীতি হোৱাৰ বাবেই মথাউৰি চিঙি যোৱাত শাসকীয় পক্ষৰ বিৰুদ্ধে সৰৱ হৈ পৰে সাংসদগৰাকী ।
আনহাতে, আগন্তুক নিৰ্বাচনত বিজেপি দলত উতখাত কৰিবৰ বাবে সকলো আঞ্চলিকতাবাদী শক্তিক একগোট হ’বলৈ আহ্বান জনায় আঞ্চলিক গণমঞ্চৰ আহ্বায়ক তথা ৰাজ্যসভাৰ সাংসদগৰাকীয়ে।
ইফালে কৰোণাক অস্ত্ৰ হিচাপে লৈ বিজেপি চৰকাৰে ৰাজনীতিকৰণ কৰাৰ অভিযোগ কৰে সাংসদগৰাকীয়ে।










