![]()
নিউজ ডেক্স:
দিল্লীৰ এইমছত আৰম্ভ COVAXIN-ৰ হিউমেন ট্ৰায়েল । আজিৰ পৰা দিল্লীৰ এইমছত ভাৰতত প্ৰস্তুত কৰা ক’ৰোণাৰ প্ৰতিষেধক কোভাক্সিনৰ মানৱ দেহত পৰীক্ষামূলক প্ৰয়োগ আৰম্ভ হৈছে।নাম নথিভুক্তিকৰণ আৰম্ভ হোৱাৰ প্রথম ১০ ঘণ্টাত অন্ততঃ ১০০০ জনে ৰেজিষ্ট্ৰেশ্যন কৰিছে৷ কোভাক্সিনৰ প্ৰথম তথা দ্বিতীয় পর্যায়ৰ হিউমেন ট্রায়েলৰ কাৰণে ICMR–এ এইমছ সহ ১২খন চিকিৎসা প্রতিষ্ঠানক বাচনি কৰিছে।প্রথম পর্যায়ত ৩৭৫ জনৰ শৰীৰত এই ভেকচিন পৰীক্ষামূলকভাৱে প্ৰয়োগ কৰা হ’ব। তাৰ মাজত এইমছৰ ১০০জন থাকিব পাৰে।

এইমছৰ-ৰ কমিউনিটী মেডিচিনৰ অধ্যাপক চিকিৎসক সঞ্জয় ৰায়ে জনায়, যিসকলৰ শৰীৰত আন কোনো ধৰণৰ অসুস্থতা নাই, ক’ৰোণাত আক্ৰান্ত হোৱা নাই তথা যিসকলৰ বয়স ১৮ৰ পৰা ৫৫ বছৰৰ মাজত, তেওঁলোকৰ শৰীৰত পৰীক্ষামূলকভাৱে এই ভেকচিন প্ৰয়োগ কৰা হ’ব। যিসকলে স্বেচ্ছাসেৱক হিচাপে নাম নথিভুক্তিকৰণ কৰিছে, তেওঁলোকৰ শৰীৰৰ পৰীক্ষাৰ কাম সোমবাৰৰ পৰা আৰম্ভ হৈছে।
বাকীসকলৰ যিসকলে নাম লিখাবলৈ ইচ্ছুক তেওঁলোকে Ctaiims.covid19@gmail.com-ত ইমেইল পঠিয়াব পাৰে বা ৭৪২৮৮৪৭৪৯৯ নম্বৰত এছএমএছ পঠিয়াব পাৰে। হায়দৰাবাদৰ কোম্পানী ‘হেটেৰো’-এ প্ৰস্তুত কৰা ক’ৰোণাৰ ঔষধ ইতিমধ্যে মহাৰাষ্ট্ৰ, দিল্লী-সহ গুজৰাট, তামিলনাড়ু তথা তেলেংগানাত পোৱা গৈছে।











