
অজন্তা তালুকদাৰ
কৰ’ণাৰ পৰা পৰিত্ৰাণ পাবলৈ সম্প্ৰতি দেশৰ বহু এলেকাত চলি থকা বৰ্দ্ধিত লকডাউনে প্ৰভাৱ পেলাইছে ৰাজ্যখনৰ অৰ্থনীতিতো। অৰ্থনৈতিক মন্দাৱস্থাত জুৰুলা হৈছে শ্ৰমিক, ক্ষুদ্ৰ ব্যৱসায়ীকে আদি কৰি নিম্ন মধ্যবিত্ত লোকসকল। শেহতীয়াকৈ গুৱাহাটীত এই প্ৰভাৱৰ ফলত আৰ্থিক অচলাৱস্থাৰ সন্মুখীন হোৱা লোকসকলক সাময়িকভাৱে কিছু সকাহ দিয়াৰ উদ্দেশ্যে যোৱা ১৯ জুলাইত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু অসমীয়া মাহেকীয়া আলোচনী ‘বৰ্ণিল’ৰ সহযোগত গুৱাহাটীৰ কাহিলীপাৰা, জটিয়া, বেলতলাৰ প্ৰায় শতাধিক এনে লোকৰ মাজত চাউল, দাইল, মিঠাতেল, নিমখ আদি খাদ্য সামগ্ৰী বিতৰণ কৰা হয়।

খাদ্য সামগ্ৰী বিতৰণ প্ৰক্ৰিয়াত মহানগৰ জিলা প্ৰশাসনৰ হৈ বিশেষভাৱে সহযোগিতা আগবঢ়ায় কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰাতুল পাঠক, চন্দ্ৰপুৰৰ ৰাজহচক্ৰ বিষয়া (সংলগ্ন) মীনাক্ষী বৰ্মন, পশুপালন আৰু পশুচিকিৎসা বিভাগৰ পৰিদৰ্শক পুলকেশ ৰায় বৰুৱা, জলসিঞ্চন বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্য্যালয়ৰ কনিষ্ঠ সহায়ক চিন্ময় নায়ক, তথ্য-প্ৰযুক্তি বিভাগৰ জিলা প্ৰবন্ধক বিশাল ভূঞা আৰু কামৰূপ মহানগৰ জিলাৰ ৰাজহ বিভাগৰ পৰামৰ্শদাতা মনোজ কলিতাই।
সামাজিক দূৰত্ব মানি আনুষ্ঠানিকভাৱে কৰা এই বিতৰণ কাৰ্যসূচীত অসমীয়া মাহেকীয়া আলোচনী বৰ্ণিলৰ মুখ্য সম্পাদক আইলুং লাহন বৰা, শুভাকাংক্ষী গৌতম বৰা, ভাস্কৰ চক্ৰৱৰ্তী, জোনা কুমাৰী বৰা আৰু ৰঞ্জিত বৰকটকী উপস্থিত থাকে। দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলক এনেদৰে সকাহ দিয়াত অঞ্চলকেইটাৰ ৰাইজে সন্তোষ প্ৰকাশ কৰে। বিপদৰ সময়ত জুৰুলা হোৱা ৰাইজক অসমীয়া মাহেকীয়া আলোচনী বৰ্ণিলৰ আহ্বান মৰ্মে সকাহ দিবলৈ তৎপৰতাৰে আগবাঢ়ি অহা মহানগৰ জিলা প্ৰশাসনক আলোচনীখনৰ তৰফৰ পৰা মুখ্য সম্পাদক আইলুং লাহন বৰা আৰু সম্পাদক ডিম্পল গগৈয়ে প্ৰশংসা আগবঢ়ায় আৰু ধন্যবাদ জ্ঞাপন কৰে।











