
লংকা : হোজাই লংকাৰ কপিলী পাৰত অঘটন ৷ ঘৰত কোনো নথকাৰ অৱস্থাত কপিলী নৈ পানীত পৰি সলিল সমাধি ঘটে এজন কিশোৰৰ ৷ প্ৰাপ্ত খবৰ অনুসৰি আশ্ৰাবুল আলম নামৰ ১৪ বছৰীয়া কিশোৰগৰাকীৰ কপিলী নদীত পানীত পৰে। পিছত, পানীৰ পৰা উঠাই কিশোৰগৰাকীক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে কিশোৰগৰাকীক মৃত হোৱা বুলি ঘোষণা কৰে। বৰ্তমান কিশোৰগৰাকীক লংকা আৰক্ষী থানাত ৰখা থৈছে৷










