![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
আজিৰে পৰা গুৱাহাটী মহানগৰীত আৰম্ভ হৈছে আনলক ১.০। ইয়াৰ মাজতেই আজি আকৌ ১০৭২ গৰাকী ৰোগীয়ে চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷ তেওঁলোকক দুবাৰকৈ পৰীক্ষণৰ পিছত ফলাফল ঋণাত্মক পোৱা গৈছে।
টুইট যোগে এই কথা সদৰী কৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বৰ্তমানলৈ মুক্তৰ সংখ্যা হৈছে ১৭০৯৫ জন। আনহাতে, ৰাজ্যত সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৬৮৪৩ গৰাকী।











