![]()
নিউজ ডেক্স:
কাৰাগাৰৰ ভিতৰতে আত্মহত্যাৰ চেষ্টা কৰিলে ভাৰতৰ প্রাক্তন প্রধানমন্ত্রী ৰাজীৱ গান্ধীৰ হত্যাকাৰী নলিনী শ্ৰীহৰণে৷ নলিনীৰ অধিবক্তাই জনায় যে সোমবাৰে গভীৰ নিশা আত্মহত্যাৰ চেষ্টা কৰে৷ উল্লেখ্য যে বিগত ২৯ বছৰ ধৰি তামিলনাডুৰ ভেলোৰৰ মহিলা কাৰাগাৰত বন্দী হৈ আছে এলটিটিৰ সদস্যা নলিনী৷
অধিবক্তা পুগালেনথিয়ে জনায় যে ইয়াৰ আগতেও নলিনীয়ে আত্মহত্যাৰ চেষ্টা চলাইছিল৷ আনহাতে প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাত অভিযুক্ত হৈ নলিনীৰ স্বামী মুৰশগানো কাৰাগাৰত আছে৷
উল্লেখ্য যে ৰাজীৱ গান্ধীৰ হত্যা গোচৰত নলিনীসহ ৭জনক দোষী সাব্যস্ত কৰিছিল টাডা আদালতে৷ ১৯৯১ চনৰ ২১ মে’ত তামিলনাডুৰ শ্ৰীপেৰুমবুদৰ এখন নিৰ্বাচনী সভাত ৰাজীৱ গান্ধীক আত্মঘাতী বিদ্ৰোহীয়ে হত্যা কৰিছিল৷ মন কৰিব লগা যে যোৱা বছৰৰ অক্টোবৰৰ শেষৰ ফালে মুক্তিৰ দাবীত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত নলিনী শ্ৰীহৰণ অনশনত বহিছিল৷











