
অজন্তা তালুকদাৰ
বোকাখাত : বোকাখাত থানাৰ অন্তৰ্গত মৰিয়াহোলাৰ বানৰ কোবাল সোঁতে উটুৱাই নিয়াৰ আশংকা কৰা হৈছে এটি ৭ বছৰীয়া কন্যা শিশুক। মৰিয়াহোলা চগুৰি সংযোগী পথৰ ওপৰেদি প্ৰবাহিত প্ৰবল সোঁতত দিনৰ ১ মান বজাত সঞ্জীতা চুব্বা নামৰ কন্যা শিশুটি উটি যোৱাৰ আশংকা কৰা হৈছে। সন্মান চুব্বাৰ কন্যা সঞ্জীতাক উদ্ধাৰৰ বাবে এন ডি আৰ এফ, এচ ডি আৰ এফ, বোকাখাত আৰক্ষীয়ে অবিৰত চেষ্টা চলাই আছে যদিও এই পৰ্যন্ত সন্ধান পোৱা নাই। সোঁত বৈ থকা ঠাইৰ মাটিত শিশুৰ এপাত চেন্দেল আৰু এখন বস্ত্ৰ পোৱা গৈছে।











