
নগাঁও : নগাঁও জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়টোক আজি জিলা প্ৰশাসনে কণ্টেনমেণ্ট জ’ন হিচাপে ঘোষণা কৰে । উল্লেখ্য যে কাৰ্যালয়টোৰ কম্পিউটাৰ বিভাগত কৰ্মৰত আশীষ সাহা নামৰ এগৰাকী কৰ্মচাৰীৰ দেহত কালি কোভিড ১৯ৰ উপস্থিতি ধৰা পৰিছিল ।
ইয়াৰ পূৰ্বেও পৰহি গোপাল থাপা নামৰ কাৰ্যালয়টোৰ এজন চালকৰ দেহতো ধৰা পৰিছিল কোভিড-১৯ পজিটিভ । সম্প্ৰতি কোভিড- ১৯ত আক্ৰান্ত দুয়োকে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ কোভিড হস্পিতালত ভৰ্তি কৰোৱা হৈছে । এই দুয়োজন কৰ্মচাৰীৰে কোনো ভ্ৰমণ বৃত্তান্ত নাছিল বুলি বিভাগীয় সূত্ৰৰ পৰা জানিব পৰা গৈছে। ইয়াৰ পিছতে আজি নগাঁও জিলা প্ৰশাসনে কাৰ্যালয়টো ৪/৫ দিনৰ বাবে কণ্টেনমেণ্ট জ’ন হিচাপে ঘোষণা কৰাৰ লগতে কাৰ্যালয়টো সম্পূৰ্ণ ৰূপে ছেনিটাইজ কৰাৰ ব্যৱস্থা কৰে।
আনহাতে, এতিয়াৰ পৰা কাৰ্যালয়টোৰ কাম-কাজ কাষতে থকা জিলা গ্ৰামোন্নয়ন অভিকৰণৰ কাৰ্যালয়ৰ সভাকক্ষৰ পৰা চলিব বুলি যুটীয়া স্বাস্থ্য সঞ্চালক অতুল চন্দ্ৰ পাটৰে সংবাদমাধ্যমক জানিবলৈ দিয়ে।











