
নগাঁও : কৰ’নাৰ হটস্পটত পৰিণত হৈছে নগাঁও কেন্দ্ৰীয় কাৰাগাৰ। কাৰাগাৰখনৰ চিকিৎসকসহ সৰ্বমুঠ ৫৫জন লোক কৰ’নাত আক্ৰান্ত হয়। উল্লেখ্য ইবচিতা আহমেদ নামৰ কৰ’না আক্ৰান্ত মহিলা কয়দীক কাৰাগাৰলৈ অনাৰ পিছতে কাৰাগাৰখনত গণসংক্ৰমণৰ সৃষ্টি হয় বুলি ধাৰনা কৰা হৈছে । ইবচিতা আহমেদক চিকিৎসা কৰা কাৰাগাৰখনৰ চিকিৎসক ডা: পূৰ্ণানন্দ বৰা কৰ’নাত আক্ৰান্ত হোৱাৰ পিছতে পুনৰ আব্দুল গফুৰ নামৰ এজন কয়দীৰ দেহত ধৰা পৰে কৰ’না সংক্ৰমণ। প্ৰথম অৱস্থাত আব্দুল গফুৰক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও নিৰাপত্তাজনিত কাৰণত তেওঁক পুনৰ কাৰাগাৰলৈ ঘূৰাই অনা হয়।
ইয়াৰ পিছতে আন ৪জন কয়দীৰ দেহত ধৰা পৰে কোভিড-১৯ৰ সংক্ৰমণ। কিন্তু কৰ’নাত আক্ৰান্ত কয়দী কেইজনক কাৰাগাৰখনতে ৰখাৰ ফলশ্ৰুতিত সকলোৱে গণসংক্ৰমণৰ আশংকা কৰে।
অৱশেষত, সেই আশংকা সঁচা বুলি প্ৰমাণিত হয়। আজি দিনটোত কাৰাগাৰখনৰ ৪৮জনকৈ কয়দীৰ দেহত ধৰা পৰিল কোভিড-১৯ৰ সংক্ৰমণ। প্ৰথম অৱস্থাত কাৰাগাৰখনৰ মুঠ ৮১জন কয়দীৰ শ্বাৱ টেষ্ট কৰা হৈছিল আৰু ইয়াৰে ৪৮জনৰ ফলাফল পজিটিভ পোৱাৰ লগে লগে কাৰাগাৰখনত থকা ৪১৯জন কয়দী তীব্ৰ আতংকত ভুগিছে।
ইপিনে, কাৰাগাৰখনৰ কনিষ্ঠ চিকিৎসকজনো কোৱাৰেণ্টেইনত থকাৰ ফলত কাৰাগাৰ কৰ্তৃপক্ষই বৰ্তমান কয়দীক চিকিৎসাৰ বাবে বিশেষ কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। চিকিৎসাৰ নামত মাথো পেৰাচিতামল টেবলেট দিয়ে স্বাস্থ্য বিভাগে দায়িত্ব সামৰৰ অভিযোগ উঠিছে।











