
ডিফু : আজি বিয়লি প্রায় পাঁচ বজাত বকলীয়াঘাট নগৰ এলেকাৰ অন্তর্গত ইটাভাটাত সংঘটিত হোৱা এক শোকাৱহ পথ দুর্ঘটনাত দুগৰাকী মহিলা অতি গুৰুতৰভাৱে আহত হয়। ঘটনাৰ বিৱৰণী অনুসৰি, ৩৬নং ৰাষ্ট্রীয় ঘাইপথেৰে আহি থকা এখন দহচকীয়া তেল পৰিবাহী টেংকাৰৰ এটা চকা খুলি গৈ উক্ত সময়তে উক্ত পথেৰে আহি পকা দুগৰাকী মহিলাক প্রচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত দুয়োগৰাকী মহিলা অতি গুৰুতৰভাৱে আহত হয়।
আহত মহিলা দুগৰাকী ক্রমে ১নং উদালি গাঁৱৰ বীণা শইকীয়া (৫৪) আৰু সোমেশনী দেবী (৬০) বুলি চিনাক্ত
কৰা হৈছে। আহত দুয়োগৰাকী মহিলাকে লগে লগে বকলীয়াঘাটি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও আঘাত অতি গুৰুতৰ হোৱাৰ বাবে দুয়োকে লগে লগে উন্নত চিকিৎসাব বাবে নগাঁৱলৈ প্রেৰণ কৰা হয়। ইয়াৰে, বীণা দেবীৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।










