
অজন্তা তালুকদাৰ
বোকাখাত : ৰাজ্যত লকডাউন আৰু ক’ৰোনা ভাইৰাছৰ সুযোগ লৈছে একাংশ ধূৰ্ত গৰু ব্যৱসায়ীয়ে। বিভিন্ন অঞ্চলৰ পৰা চুৰ কৰি অনা গৰুৰ বিক্ৰী কৰিছিল। আজি পুৱা ভাগতে বোকাখাত মহকুমাৰ কমাৰগাঁৱত ধৰা পৰে তেনে গৰু চোৰৰ দল। কমাৰগাঁও আৰক্ষী থানাৰ সন্মুখত তালাচী চলাই এখন মিনি ট্ৰাকত পাঁচটা বলধ গৰুসহ দুজন লোকক আটক কৰে কমাৰগাঁও আৰক্ষীয়ে । এএচ-২১ চি ৯৫৩৯ নম্বৰ গাড়ীখনত গৰু চুৰি কৰি অনাৰ গোপন খবৰৰ ভিত্তিত তালাচী চলোৱা বুলি আৰক্ষী সূত্ৰে প্ৰকাশ। কমাৰগাঁও আৰক্ষীৰ এই সফলতাত স্থানীয় ৰাইজে সন্তোষ প্ৰকাশ কৰিছে।











