
বাঘজান তৈলখাদত পুনৰ অঘটন সংঘটিত হৈছে৷ কিছুদিনৰ আগতে বাঘজান তৈলখাদত হোৱা অগ্নি নিৰ্বাপণৰ চেষ্টা চলাই থকাৰ সময়তে পুনৰ সংঘটিত হয় আন এক বিস্ফোৰণ৷ এই বিস্ফোৰণৰ ফলত তিনিজন বিদেশী বিশেষজ্ঞ অগ্নিদগ্ধ হয়৷ প্ৰাপ্ত তথ্য মতে বিদেশী বিশেষজ্ঞ দলৰ সৈতে অইলৰ কৰ্মীসকলে কাম কৰি থকা অৱস্থাতে বিস্ফোৰণটো সংঘটিত হয়৷ এই বিস্ফোৰণৰ ফলত আহতসকলক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ৷
জানিব পৰা মতে বিস্ফোৰণটোত এণ্টনী ষ্টিভেন ৰেণ্ডল্ডছ, ড’উগ ডাল্লাছ আৰু ক্রেগ নীল ডানকান নামৰ বিশেষজ্ঞ তিনিজন আহত হয়৷ তেওঁলোক এলাৰ্ট ডিজেষ্টাৰ কণ্ট্ৰ’ল কোম্পানীৰ বুলি প্ৰকাশ৷ উল্লেখ্য যে বিপৰ্যয় নিয়ন্ত্ৰণৰ প্ৰক্ৰিয়া চলি থকা সময়তে বিশেষজ্ঞকেইজনে কূপৰ স্পুলটো খুলিবলৈ গৈছিল যিটো বিঅ’পি (ব্ল’ আউট প্ৰিভেণ্টাৰ) লগোৱাৰ আগেয়ে অৱশেষ জুই নিৰ্বাপন কৰা হয়৷ এই প্ৰক্ৰিয়া চলি থাকোতেই বিস্ফোৰণটো সংঘটিত হয় আৰু বিশেষজ্ঞকেইজন আহত হয়৷










