
অজন্তা তালুকদাৰ
বোকাখাত : আজিৰে পৰা বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যামে বোকাখাতৰ ৰাজপথত আৰম্ভ কৰিছে কৰ’ণা প্ৰতিৰোধৰ বাবে এলানি বিশেষ সজাগতামূলক কাৰ্যসূচী। এই উদ্দেশ্যে আজি বোকাখাতৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগী সদাব্যস্ত হাস্পটাল পথত সেই সময়ত উপস্থিত থকা লোকসকল আৰু সাংবাদিকসকলক লৈ আজিৰ প্ৰথম পৰ্যায়ৰ সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰে।
অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই আঁত ধৰা কাৰ্যসূচীত উপস্থিত লোকক মহকুমাধিপতি বিবেক শ্যামে কভিড-১৯ৰ ভয়াবহতাৰ প্ৰতি সজাগ কৰি এইক্ষেত্ৰত ল’বলগীয়া সাৱধানতাৰ বিষয়ে পথতে এলানি বক্তৃতা প্ৰদান কৰে।
উল্লেখ্য যে, মহকুমাধিপতিগৰাকীৰ নিৰ্দেশত পথৰ ওপৰত নিৰ্দিষ্ট সামাজিক দূৰত্ব অটুত ৰাখি অঁকা গোল চিহ্নত ঠিয় হৈ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল উপস্থিত লোকসকলে। সজাগতামূলক ভাষণত মহকুমাধিপতিগৰাকীয়ে অনাগত আগষ্ট মাহত অসমত কৰ’ণা ৰোগীৰ সংখ্যা প্ৰায় ৭০ হাজাৰ আৰু গোলাঘাট জিলাত প্ৰায় ৩ হাজাৰৰ সংখ্যা হোৱাৰ সম্ভাৱনাৰ তথ্য গৃহ বিভাগৰ অহা বুলি উল্লেখ কৰি কৰ’ণা প্ৰতিৰোধক নিয়মসমূহ ভালদৰে মানি চলিবলৈ ৰাইজলৈ আহ্বান জনায়। ‘কৰ’ণা ভাইৰাচৰ দৰে ৰাইজৰ মাজত বিয়পাই দিয়ক সজাগতাৰসমূহ বাৰ্তা’ বুলি ৰাইজলৈ আহ্বান জনাই তেওঁ আৰু কয় যে ভাল দিন আহিব আৰু ৰাইজৰ একান্ত সহযোগিতাৰেহে কভিড-১৯ৰ বিৰুদ্ধে যুঁজি জয় লাভ কৰা সম্ভৱ হ’ব।
মহকুমাধিপতিগৰাকীয়ে বিশেষকৈ ৰাজহুৱা স্থানত সামাজিক আৰু শাৰিৰীক দূৰত্ব মানি চলা, সঘনাই হাত ধুই পৰিস্কাৰ-পৰিচ্ছন্ন হৈ থকা আৰু স্বাস্থ্য সম্পৰ্কীয় নীতিৰ বিষয়ে বুজাই কৈ বৰ্তমান আন্তঃজিলা ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ ৰাইজলৈ আহ্বান জনয়। উল্লেখ্য যে, বিগত লক-ডাউনৰ কালচোৱাত এই পথত থকা ইণ্ডিয়ান বেংক আৰু ভাৰতীয় ষ্টেট বেংকৰ দুটা এটিএম বুথ আৰু লখিমী গাঁৱলীয়া বেংকৰ পৰা সঘনাই ধন উলিয়াবলৈ অহা গ্ৰাহকৰ বৃহৎ শাৰী আৰু জুমে সামাজিক শাৰিৰীক দূৰত্ব সম্পূৰ্ণৰূপে ব্যাঘাত কৰি লক-ডাউনৰ সকলো নীতি নিৰ্দেশনাক বৃদ্ধাংগুষ্ঠ দেখুৱাইছিল।
কেৱল হাস্পটাল পথেই নহয়, বোকাখাত নগৰৰ লগতে কাজিৰঙা, ৰজাবাৰীকে ধৰি মহকুমাটোৰ এটিএম বুথ আৰু বেংক অবস্থিত আন আন সকলো স্থানতে বেংকৰ লেনা দেনাৰ বাবে অহা গ্ৰাহকে লক-ডাউনৰ সকলো নিৰ্দেশ উলংঘা কৰাৰ বাতৰিয়ে অলেখবাৰ ‘আছাম টাইমচ্’কে ধৰি আন ছপা আৰু বৈদ্যুতিন মাধ্যমৰ বাতৰিৰ শিৰোনাম দখল কৰিছে। সেয়েহে মহকুমাধিপতিগৰাকীয়ে আজিৰ সজাগতামূলক ভাষণত ৰাজহুৱা স্থানত তেনে ভীৰৰ পৰা আঁতৰি সামাজিক দূৰত্ব মানি চলা আৰু মাস্ক পৰিধান কৰাটো অত্যন্ত জৰুৰী বুলি উল্লেখ কৰে।
লগতে কয় যে মাস্ক পৰিধান নকৰাৰ বাবে প্ৰশাসনে শাস্তিমূলক ৫০০ টকা জৰিমনা লোৱাৰ নিয়ম আছে যদিও কৰ’ণা প্ৰতিৰোধৰ বাবে দেশত প্ৰণয়ন হোৱা লক-ডাউন আৰু পৰবৰ্তী পৰ্যায়ত ৰাজ্যখনৰ বানে জনসাধাৰণলৈ অনা অৰ্থনৈতিক সংকটৰ পৰিপ্ৰেক্ষিতত অভাৱত থকা ৰাইজৰ বাবে ৫০০ টকাৰ জৰিমনা অতি কষ্টসাধ্য কথা। সেয়েহে মাস্ক পৰিধান নকৰি প্ৰশাসনক জৰিমনা ল’বলৈ বাধ্য নকৰিবলৈকো মহকুমাধিপতি বিবেক শ্যামে উপস্থিত ৰাইজলৈ বাৰম্বাৰ অনুৰোধ জনায়। উক্ত কাৰ্যসূচীত মহকুমাধিপতি বিবেক শ্যামলৈ সহযোগিতা আগবঢ়ায় দণ্ডাধীশ ৰণন্ময় ভৰদ্বাজে।










