
অজন্তা তালুকদাৰ
বোকাখাত থানাৰ অন্তৰ্গত মৰিয়াহোলাত উদ্ধাৰ হৈছে যোৱা ২১ জুলাইত বানে উটুৱাই নিয়া ৭ বছৰীয়া কন্যা শিশু সঞ্জীতা চুব্বাৰ মৃতদেহ।
যোৱা ২১ জুলাইৰ দিনৰ ১ মান বজাত হঠাতে নিৰুদ্দেশ হৈছিল সঞ্জীতা চুব্বা নামৰ কন্যাটি। স্থানীয় সন্মান চুব্বাৰ কন্যা সঞ্জীতাক চগুৰি সংযোগী পথৰ ওপৰেদি প্ৰবাহিত প্ৰবল সোঁতত উটি যোৱাৰ আশংকা কৰি শিশুটিৰ উদ্ধাৰৰ বাবে এন ডি আৰ এফ, এচ ডি আৰ এফ, বোকাখাত আৰক্ষীয়ে দুটা দিন অবিৰত চেষ্টা চলাইও সন্ধান পোৱা নাছিল।
২১ জুলাইত পানীৰ সোঁত বৈ থকা ঠাইৰ মাটিত শিশুটিৰ এপাত চেন্দেল আৰু এখন বস্ত্ৰ পোৱা গৈছিল আৰু ২২ জুলাইত সেই স্থানৰ পৰা কিছু নিলগত শিশুটিয়ে ব্যৱহাৰ কৰা আন পাত চেন্দেল পোৱা গৈছিল।
যোৱা তিনিটা দিন সন্ধান কৰাৰ অন্তত উদ্ধাৰকাৰী দলে অৱশেষত আজি ঘটনাস্থলীৰ পৰা ২ কিলোমিটাৰ পশ্চিমে শিশুটিৰ মৃতদেহটো পানীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।
৭ বছৰীয়া সঞ্জীতা চুব্বাৰ নিৰুদ্দিষ্ট ঘটনাই পিতৃ-মাতৃ, পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলটোক যোৱা তিনিটা দিন স্বাসৰুদ্ধ কৰি ৰাখিছিল। এতিয়া শিশুটিৰ মৃতদেহ উদ্ধাৰে সমগ্ৰ অঞ্চলকে শোকস্তব্ধ কৰি তুলিছে।










