
আগষ্ট মাহৰ পৰা নিযুক্তিৰ প্ৰাৰম্ভিক প্ৰক্ৰিয়া আৰম্ভ হ’ব। জনতা ভৱনত কৃষি মন্ত্ৰী অতুল বৰা সংবাদ মেল। সংবাদ মেলত কৃষি মন্ত্ৰী অতুল বৰাৰ বৃহৎ ঘোষণা। চলিত বৰ্ষত ৰাজ্য কৃষি বিভাগত হ’ব প্ৰাৰম্ভিক নিযুক্তি প্ৰক্ৰিয়া।
মন্ত্ৰী বৰাই জানিব দিয়া অনুসৰি তৃতীয় বৰ্গত ১৯২০টা, কনিষ্ঠ অভিযন্তা ৪২টা, সহকাৰী অভিযন্তা ১২টা, কৃষি উন্নয়ন বিষয়া ১১৩টা পদত দিয়া হ’ব নতুন নিযুক্তি।
ইয়াৰ উপৰিও পশুপালন বিভাগতো হ’ব নতুনকৈ নিযুক্তি তৃতীয় বৰ্গত ৩১টা, ক্ষেত্ৰ সহায়ক ২২৪টা, চতুৰ্থবৰ্গ ৮৬টা, ৰাজপত্ৰিত বিষয়া ১৭টা পদত হ’ব নতুনকৈ নিযুক্তি। এই কথা জনালে মন্ত্ৰী বৰাই।
উল্লেখ যে ৰাজ্য ২৭খন জিলা ভয়াৱহ বানৰ কবলত পৰি ক্ষতিগ্ৰস্ত হৈছে ১০৫৩১খন গাঁও বুলি উল্লেখ কৰি বৰাই কয় – উক্ত গাঁৱৰ প্ৰায় ৯ লাখ ৯৫ হাজাৰ ২৬০ জন খেতিয়ক ৰাইজ ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ উপৰিও ২২ লাখ ৩৩ হাজাৰ ৮৫০ টাকৈ পশুধন ক্ষতি হৈছে। একেদৰে ১৪ লাখ ৩৯ হাজাৰ ৩১৮টা হাঁহ-কুকুৰা ক্ষতি হৈছে বানত।
গুৰুত্বপূৰ্ণ কথা এই যে চলিত বৰ্ষত ৰাজ্যৰ কৃষকৰসকলৰ মাজত ১০ হাজাৰখন ট্ৰেক্টৰ আৰু ২৭ হাজাৰখন পাৱাৰটিলা বিতৰণ কৰা বুলিও সংবাদমেলত বৰাই জানিব দিয়ে।











