
অজন্তা তালুকদাৰ
বোকাখাত : বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যামে ২২ জুলাইৰ পৰা বোকাখাতৰ ৰাজপথত আৰম্ভ কৰিছে কৰ’ণা প্ৰতিৰোধৰ বাবে এলানি বিশেষ সজাগতামূলক কাৰ্যসূচী। এই উদ্দেশ্যে আজি বোকাখাত নগৰৰ মাজেদি যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে সংলগ্ন বোকাখাতৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ বাচ আস্থান প্ৰাংগনত বোকাখাতৰ সাংবাদিকৰ সহযোগত আজিৰ দ্বিতীয় পৰ্যায়ৰ সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰে।
অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই আঁত ধৰা কাৰ্যসূচীত উপস্থিত লোকসকলক মহকুমাধিপতি বিবেক শ্যামে ক’ভিড-১৯ৰ ভয়াবহতাৰ প্ৰতি সজাগ কৰি এইক্ষেত্ৰত ল’বলগীয়া সাৱধানতাৰ বিষয়ে পথতে এলানি বক্তৃতা প্ৰদান কৰে।
মহকুমাধিপতিগৰাকীৰ নিৰ্দেশত সেই স্থানত নিৰ্দিষ্ট সামাজিক দূৰত্ব অটুট ৰাখি অঁকা গোল চিহ্নত ঠিয় হৈ কাৰ্যসূচীত অংশগ্ৰহণ কৰে স্থানীয় ব্যৱসায়ীসকলৰ লগতে উপস্থিত লোকসকলে। সজাগতামূলক ভাষণত মহকুমাধিপতিগৰাকীয়ে অনাগত সময়চোৱাত কভিড-১৯ৰ আতংকৰ পৰা বাচি থাকিবলৈ হ’লে আগতীয়া অবলম্বন কৰা সজাগতাই মূল কথা বুলি উল্লেখ কৰি ব্যৱসায়ীসকলক মাস্ক আৰু হেণ্ড গ্ল’ভচ পৰিধান কৰা, নিজ নিজ দোকান-বজাৰৰ সন্মুখত ৰছি টানি সামাজিক আৰু শাৰীৰিক দূৰত্বৰ নীতি মানি চলা, ছেনিটাইজাৰৰ ব্যৱহাৰ অথবা সঘনাই হাত ধুই পৰিস্কাৰ-পৰিচ্ছন্ন হৈ থকা আৰু স্বাস্থ্য সম্পৰ্কীয় নীতি পালনৰ প্ৰতি আহ্বান জনায়।
লগতে আগষ্ট মাহত কৰ’ণা ৰোগীৰ সংখ্যা গোলাঘাট জিলাত প্ৰায় ৩ হাজাৰৰ হোৱাৰ সম্ভাৱনাৰ তথ্য গৃহ বিভাগৰ অহা বুলি উল্লেখ কৰি কৰ’ণা প্ৰতিৰোধক নিয়মসমূহ ভালদৰে মানি চলিবলৈ ৰাইজলৈ আহ্বান জনায়। আজিৰ কাৰ্যসূচীত মহকুমাধিপতিগৰাকীক সহযোগিতা আগবঢ়ায় বোকাখাতৰ তথ্য আৰু জনসংযোগ বিষয়া মামন বৰকটকীয়ে।










