
অজন্তা তালুকদাৰ
বোকাখাত : বোকাখাতৰ অগ্ৰণী শিক্ষানুষ্ঠান জে ডি এচ জি মহাবিদ্যালয়ৰ ৫৬ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ উপলক্ষ্যত মহাবিদ্যালয়খনৰ সহযোগী অধ্যাপক সুবোধ বৰাই আজি মহকুমাধিপতিৰ অনুমতি সাপেক্ষে বোকাখাতৰ তিনিটা কোৱাৰেণ্টাইন কেন্দ্ৰৰ ক্ৰমে বোকাখাত হিন্দী হাইস্কুল, বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু জে ডি এচ জি মহাবিদ্যালয়ত থকা আবাসীসকল, সুৰক্ষা কৰ্মীসকলৰ ওপৰিও কঁহৰাত অৱস্থিত ক’ভিড কেয়াৰ চেণ্টাৰত চিকিৎসাধীন ব্যক্তিসকলৰ মাজত ফল-মূল, ফলৰ ৰস, বিস্কুটৰ পেকেট আদি বিতৰণ কৰে।

তদুপৰি সাম্প্ৰতিক বানপানীত ক্ষতিগ্ৰস্ত বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাণবাৰীত ৰাষ্ট্ৰীয় ঘাইপথত কৰ্তব্য পালন কৰি থকা সুৰকা কৰ্মীসকলৰ মাজতো ফল-মূল আৰু বিস্কুটৰ পেকেট বিতৰণ কৰে। মহকুমাধিপতিৰ অনুমতি লাভ কৰাৰ পাছতো মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে পতাকা উত্তোলন, দাতাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন আৰু সন্ধিয়া বন্তি প্ৰজ্বলন কাৰ্যসূচী অসমৰ উচ্চ শিক্ষাধিকৰ্তাৰ নিৰ্দেশ মৰ্মে বাতিল কৰিবলগীয়া হোৱাত তেখেতে বিকল্প উপায়ৰূপে সম্পূৰ্ণ একক প্ৰচেষ্টাৰে এই পদক্ষেপ গ্ৰহণ কৰা বুলি জানিবলৈ দিছে।











