
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
লংকা পিয়লী বজাৰৰ মাজমজিয়াত থকা অংগশ্ৰী বস্ত্ৰালয়ৰ স্বতাধিকাৰৰ পৰিয়ালৰ শিশুসহ ৯জনৰ দেহত ক’ৰোনা পজিটিভ। বৰ্তমান অংগশ্ৰী বস্ত্ৰালয়ৰ তিনিখনকৈ কাপোৰৰ ব্যৱসায় প্ৰতিষ্ঠান চীল কৰি দিছে জিলা প্ৰশাসনে । ক’ৰণা পজিটিভ অহা ন জন লোকৰ নাম ক্ৰমে টুহিছা ঘোষ, তুষাৰ ঘোষ, পিণ্টু ঘোষ, স্বৰূপ ঘোষ, ঈস্বিতা ঘোষ, বাপ্পি ঘোষ, পাপৰি ঘোষ, অদ্ৰিতা ঘোষ আৰু পিংকি ঘোষ।
উল্লেখ যে, অংগশ্ৰী বস্ত্ৰালয়ৰ স্বতাধিকাৰীৰ ঘৰ লংকাৰ এন-এৰিয়াত। লগতে লংকা ভালুকমাৰীৰ ইউ বি আই বেংকত কৰ্মৰত এজনৰ লগতে তেখেতৰ পিতৃ-মাতৃৰ দেহত ক’ৰোনা পজিটিভ। নাম ক্ৰমে বিবেক কুমাৰ, তেওঁৰ পিতৃ জগদীশ প্ৰসাদ আৰু মাতৃ সবিতা দেৱী। ঘৰ লংকাৰ এন এৰিয়াত। সৰ্বমুঠ লংকাত আজি ১২ জনৰ দেহাত ক’ৰনা পজিটিভ পোৱা গৈছে বুলি চিকিৎসক ৰঞ্জু ৰাজখোৱাৰ জানিব দিয়ে।










