
হোজাই সমষ্টিৰ বিজেপিৰ বিদ্ৰোহী বিধায়ক শিলাদিত্য দেৱ অৱশেষত হেঙেৰাবাৰীত। বিজেপি ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ আহ্বান মৰ্মে মিলিত বৈঠকত। উল্লেখ যে বিগত কিছুদিন ধৰি বিধায়কগৰাকীয়ে দলৰ বিৰুদ্ধে এক প্ৰকাৰৰ বিদ্ৰোহ আৰম্ভ কৰিছিল। প্ৰকাশ কৰিছিল দলৰ মোনা লোৱা নেতা বিৰুদ্ধে অসন্তুষ্টি হোৱা কথা।
ইফালে আলোচনাৰ অন্ততত বিধায়ক শিলাদিত্যই কয়- “মোৰ মনত থকা ক্ষোভসমূহ সভাপতি আগত তুলি ধৰিলোঁ। বৰ্তমান মোৰ কোনো ক্ষোভ নাই। যদি ভৱিষ্যতে দলত পুনৰ অনিয়ম হয় তেন্তে আকৌ তাৰ বিৰুদ্ধে মাত মাতিম”।
বিজেপি পৰিয়ালৰ মই এজন কাৰ্যকৰাত। গতিকে মোৰ দলৰ মুখ্য কার্যলয়লৈ আহিব লাগিব বুলি উল্লেখ কৰি বিদ্ৰোহী বিধায়কগৰাকীয়ে কয়, “সভাপতি নিৰ্দেশ মৰ্মে দলৰ সাংগঠনিক আলোচনাত মিলিত হৈছিলোঁ।পৰিয়াল কেন্দ্ৰিক কিছু সংঘাত হৈছিল। খং আছিল মনত আৱেগিকভাৱে কথাবোৰ কৈছিলোঁ। সেই কথাবোৰে পুনৰ সভাপতি আগত তুলি ধৰিছোঁ”।
কথা ক’বলৈ মই সংকোচ নকৰো, খোলাকৈ কথা কওঁ। পেটত যি থাকে মুখতো একে। বিজেপি ভালৰ বাবে এই কথাবোৰ হ’ব- বিধায়কগৰাকীয়ে কয়। গুৰুত্বপূৰ্ণ কথা এই যে গুৰুত্বপূৰ্ণ সভাখনত উপস্থিত আছিল দলৰ সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা উপস্থিত আছিল।











