![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
জোনাই মহকুমাত আজিও বান পৰিস্থিতি অপৰিবৰ্তিত হয় আছে৷ এনে বান পৰিস্হিতিৰ সময়ত আজি দিনত বৰ্নাত্যৰ কাৰনে বানসাৰ্হ্যয লৈ যোৱা এখন ইঞ্জিন চালিত নাঁও দূৰ্ঘটনাগ্ৰস্থ হয়৷
দূৰ্ঘটনাগ্ৰস্থ নাঁওখনত ১৫০ টা বৰ্নাত্য পৰিয়ালৰ বাবে সাহাৰ্য বিতৰণৰ কাৰণে জোনাই অকলেণ্ডৰ পৰা হিন্দুজা গ্ৰুপৰ অশোক লিলেন্ডে বানত জলবন্ধী হৈ থকা বেৰাচাপৰিলৈ গৈ থকা অৱস্থাত এজোপা গছত খুন্দা খাই নাওঁখন দুৰ্ঘটনাত পতিত হয়৷
দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে নাওখনত যোৱা ১০ জন যাত্ৰীয়ে গছত ধৰি নিজৰ জীৱন ৰক্ষা কৰে যদিও নাওখনত থকা সকলোবোৰ বানসাৰ্হ্যযৰ সামগ্ৰী নষ্ট হয় যায়৷
লগে লগে জোনাই প্ৰশাসনে মজুত কৰি ৰখা এছ ডি আৰ এফক খবৰ দিয়ে আৰু দুৰ্ঘটনাগ্ৰস্ত নাওখনৰ ১০ জন লোকক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷











