
অসমত এফালে বিশ্বত্ৰাস ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ আৰু আনফালে ভয়াৱহ বানৰ বিভীষিকা। শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰায় ২৭খন জিলা পৰিছে বানৰ কৱলত। এই বানৰ কৱলত পৰিছে জাগীৰোড সমষ্টি৷ সমষ্টিটোত টুলুঙা নাৱত উঠি শনিবাৰে বানাক্ৰান্তৰ খবৰ লয় মোহময়ী অভিনেত্ৰী আইমী বৰুৱাই। টুলুঙা নাৱেৰে গৈ অভিনেত্ৰী আইমী উপস্থিত হয় সমষ্টিতো বহা-বৰজাৰী আৰু বৰপাকৰ বানাক্ৰান্তৰ মাজত।

উল্লেখ যে দুখ-দুৰ্দশা মাজত দীৰ্ঘদিন ধৰি বানৰ কৱলত থকা অঞ্চল দুটা ৰাইজক আইমীয়ে নিজাববীয়াকৈ অত্যাৱশ্যকীয় সামগ্ৰীও বিতৰণ কৰে। “দুৰ্দশাগ্ৰস্ত ৰাইজক এই সময়ত মাতষাৰ বহুত ডাঙৰ কথা। ক’ৰোনাৰ মাজতে বানপানী। বহুত সৰু-সৰু ল’ৰা-ছোৱালী কোলাত বৰ দুখ লগাকৈ আছে। কামনা কৰিছো সোনকালে এইবোৰ শেষ হওঁক ৷ অভিনেত্ৰী আইমী বৰুৱাই এনেদৰে কয়। দুৰ্দশাগ্ৰস্ত লোকসকলক দেখি সঁচাকৈ দুখ লাগিছে বুলি অভিনেত্ৰীগৰাকীয়ে লগতে কয়।











