
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
যোৱা ১৮ জুলাই তাৰিখে লংকা ৰে’লৱে কলনীত সংঘটিত হৈছিল এক চুৰি কাণ্ডৰ ঘটনা। কমলেশ্বৰ পাটৰ নামৰ লোকজনৰ বাসগৃহত চোৰে চলাইছিল এই অভিযান।
চোৰে পাটৰৰ ঘৰৰ পৰা লৈ গৈছিল নগদ ধনসহ এটা লেপটপ, এটা মোবাইল আৰু বহু মূল্যবান নথিপত্ৰ লৈ যায়।
উক্ত চুৰিকাণ্ডৰ ঘটনা সংক্ৰান্তত লংকা থানাত কেচ নং 364/20 US 380 IPC ৰুজু হৈছিল এক গোচৰ ।
উক্ত গোচৰৰ ভিত্তিত লংকা আৰক্ষীয়ে এক গোপন সুত্ৰৰ পম খেদি লংকাৰ লংকাপট্টীত অভিযান চলাই চুৰি হোৱা সামগ্ৰীসহ মইনুল হুছেইন আৰু হবিবুৰ হুছেইন নামৰ দুই চোৰক আটক কৰিবলৈ সক্ষম হয়।
বৰ্তমান লংকা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখাৰ লগতে আটকাধীন দুই চোৰক জেৰা অব্যাহত ৰাখিছে।










