
লংকা : দেশত নাৰী নিৰ্যাতন ঘটনা সম্প্ৰতি অব্যাহত আছে৷ এইবাৰ নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে হোজাই জিলাৰ লংকাৰ লস্কৰ পথাৰত৷ জানিব পৰা মতে, লংকাৰ দক্ষিণ লস্কৰপথাৰৰ এগৰাকী যুৱতীক প্ৰেমৰ জালত পেলাই চাৰি বছৰৰ পূৰ্বে পলুৱাই লৈ গৈছিল উত্তৰ লস্কৰপথাৰৰ মনোৱাৰ হুছেইন নামৰ এজন যুৱকে।
প্ৰথম অৱস্থাত দুয়োটাৰে মাজত সম্পৰ্ক ঠিকেই আছিল যদিও দিন যোৱাৰ লগে লগে যৌতুক বিচাৰি দুটি সন্তানৰ মাতৃ তথা মনোৱাৰ হুছেইনৰ পত্নীৰ ওপৰত নানান শাৰীৰিক তথা মানসিক অত্যাচাৰৰ চলাৱলৈ ধৰে স্বামী আৰু স্বামী পৰিয়ালে৷ অত্যাচাৰৰ চূড়ান্ত সীমা পাৰ হৈ চাৰি মাহ পূৰ্বে স্বামী পৰিয়ালে দুই সন্তানসহ মহিলাগৰাকীক প্ৰহাৰ কৰি মাতৃ গৃহত থৈ যায়৷ সামাজিকভাৱে গাঁৱৰ ৰাইজে উক্ত ঘটনা সন্দৰ্ভত বিচাৰ কৰিছিল যদিও বিচাৰৰ দিনাই স্বামী পৰিয়ালে মহিলাগৰাকীৰ হাতত আঘাত কৰে৷
পিছত, সামগ্ৰীক ঘটনা সন্দৰ্ভত মহিলাগৰাকীয়ে লংকা আৰক্ষী থানাত স্বামী পৰিয়ালৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰে৷ কিন্তু, আৰক্ষীৰ পৰা কোনো সঁহাৰি নোপোৱাত বৰ্তমান মহিলাগৰাকীৰ মাতৃ পৰিয়ালে সংবাদ মাধ্যমৰ কাষ চাপে৷ সংবাদ মাধ্যমৰ জৰিয়তে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত উপযুক্ত পদক্ষেপ ল’বলৈ দাবী কৰাৰ লগতে দোষীক উচিত শাস্তি দিবলৈ দাবী জনায়৷










