![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
*কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে প্ৰকাশ কৰিলে আনলক-৩ৰ নতুন নিৰ্দেশনা।দেশত প্ৰত্যাহাৰ কৰা হৈছে সান্ধ্য আইন।
*কভিডৰ সকলো নিয়ম মানি দেশত পাঁচ আগষ্ট পৰা দেশত মুকলি কৰিব পাৰিব জিম আৰু যোগা কেন্দ্ৰ সমূহ।
*সামাজিক দূৰত্ব-মাক্স পৰিধান কৰি দেশত স্বাধীনতা দিৱস পালন কৰা অনুমতি।


*বিদ্যালয়-মহাবিদ্যালয় মুকলি কৰা সন্দৰ্ভত ৰাজ্য চৰকাৰ সমূহে লব পাৰিব সিদ্ধান্ত। অৱশ্যে ৩১আগষ্ট লৈকে দেশত বন্ধ থাকিব শিক্ষানুষ্ঠান।
*কন্ত্ৰেমেণ্ট জনৰ বাহিৰত মেট্ৰ ৰেল চলাচলৰ অনুমতি।
*ছবিগৃহ, চুইমিঙ পুল, পার্ক, থিয়েটাৰ, বাৰ, প্ৰেক্ষাগৃহ, সভাগৃহ, আদি কণ্ট্ৰেমেণ্ট জনৰ বাহিৰত মুকলি কৰিব পাৰিব।
সামাজিক, ৰাজনৈতিক, খেল, মনোৰঞ্জন, একাডেমী, সাংস্কৃতিক আৰু ধৰ্মীয় অনুষ্ঠান সমূহ মুকলি কৰিব পাৰিব।অৱশ্যে এই সমূহ মুকলি বাবে তাৰিখ পৃথকে পৃথকে ঘোষণা কৰা হব পৰিস্থিতি ওপৰত নিৰ্ভৰ কৰি।
কণ্ট্ৰেমেণ্ট জন সমূহত ৩১ আগষ্টলৈকে কঠোৰ ভাৱে কাৰ্যকৰি কৰা বাবে ৰাজ্য চৰকাৰ সমূহক নিৰ্দেশ প্ৰদান কৰিছে।
উল্লেখ যে বুধবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰনালয়ে জাৰি কৰিছে এই নিৰ্দেশনা।










