
বানত কাজিৰঙাৰ জীৱকুলৰ অতন্দ্ৰ প্ৰহৰীৰ ৰূপত সেৱা আগবঢ়াইছে বোকাখাতৰ যুৱ স্বেচ্ছাসেৱী দল ‘ব্লেক অ’লভচ’-এ। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহে প্ৰতি বছৰে চলোৱা বানৰ তাণ্ডৱত তচনচ হৈ পৰে কাজিৰঙাৰ জীৱকুল। বানপানীৰ পৰা ৰক্ষা পাবলৈ কাজিৰঙাৰ জীৱকুলে আশ্ৰয় লয় হাইলেণ্ডত। লগতে খাদ্য আৰু নিৰাপদ আশ্ৰয়ৰ সন্ধানত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ ঢাপলি মেলে পাৰ্শ্বৱৰ্তী কাৰ্বি পাহাৰলৈ। এই পৰিপ্ৰেক্ষিতত জীৱ-জন্তুৰ সুৰক্ষাৰ প্ৰতি ভাবুকি আহি পৰাৰ সময়তে সদা জাগ্ৰত প্ৰহৰীৰ ৰূপত কাজিৰঙাৰ বনকৰ্মীৰ দল আৰু আৰক্ষীয়ে দিৱা-নৈশ শ্ৰম দানেৰে জীৱকুলৰ সুৰক্ষাত ব্ৰতী হয়।
এইসকল সদা জাগ্ৰত প্ৰহৰীৰ কাষত এতিয়া সততে নিশা ঠিয় হোৱা দেখা গৈছে বোকাখাতৰ একাংশ সচেতন যুৱক-যুৱতীৰ ‘ব্লেক অ’ল্ভচ’ সংস্থাটিক। বৰ্তমান এই সংস্থাৰ প্ৰায় পঞ্চাশজন সদস্যই কাজিৰঙাৰ ৰাজপথত নিজৰ জীৱনকো তুচ্ছ কৰি কৰ্তব্য কৰি আছে বনকৰ্মী আৰু আৰক্ষীক সহযোগ কৰি। এই দলটোৱে পানবাৰীৰ পৰা বাগৰিলৈকে সমগ্ৰ অঞ্চলটোত কৰ্তব্যৰত হৈ প্ৰায় ১২০জন বনকৰ্মী আৰু নিৰাপত্তাৰক্ষীক কিছু খাদ্য সামগ্ৰীৰে আপ্যায়ন কৰে। সংস্থাটোৰ এনে পদক্ষেপে বনকৰ্মী-আৰক্ষীক প্ৰেৰণা যোগোই আহিছে। সভাপতি সমুজ্বল সোণোৱাল, সম্পাদকদ্বয় দেৱাশীষ ৰাজবংশী, উত্তম গগৈ আৰু সাংগঠনিক সম্পাদক কঙ্কন জ্যোতি বৰাৰ নেতৃত্বত ‘ব্লেক অ’ল্ভচ’-এ চলাই গৈছে এনে স্বেচ্ছাসেৱী প্ৰচেষ্টা।
দিল্লীত ক’ভিড আক্ৰান্ত হৈ প্লাজমা চিকিৎসাধীন হৈ থকা অৱস্থাতে অজিত শইকীয়াৰ মৃত্যুৰ পাছত অসম চৰকাৰৰ তত্বাৱধানত বন্তি শইকীয়াৰে সৈতে কংকনজ্যোতি বোকাখাতলৈ উভতি আহে আৰু স্বেচ্ছাসেৱী সেৱাত ব্ৰতী হৈ পৰে।










