ডিফু : যোৱা নিশা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত ডিফু চহৰৰ কাষৰ ৰংমিৰ্দানৰ অনাতাঁৰ কেন্দ্ৰৰ ওচৰত ভূমিস্খলন হৈ এটা বিপিএল পৰিয়াল ক্ষতিগ্ৰস্থ হয় ৷
প্ৰাপ্ত খবৰ অনুসৰি যোৱা নিশাৰ তিনি ঘণ্টাজোৰা হোৱা প্ৰৱল বৰষুণৰ ফলত ডিফু অনাতাঁৰ কেন্দ্ৰৰ কাষত পাহাৰত ভূমি স্খলন হৈ পাহাৰৰ নামনিত থকা এটি বিপিএল পৰিয়ালৰ কেঁচা ঘৰ পাহাৰৰ পৰা খহি অহা মাটিয়ে হেচি ধৰাৰ ফলত বিপিএল পৰিয়ালটোৰ বহু ক্ষতিৰ সন্মূখীন হ’বলগীয়া হয় ৷
কায়েট বে’পী নামৰ এগৰাকী দৰিদ্ৰ আৰু বিধৱা মহিলাই বজাৰত পাচলি বিক্ৰি কৰি সন্তানসহ উক্ত ঘৰটোত বসবাস কৰি কোনোমতে জীৱিকা-নিৰ্বাহ কৰাৰ লগতে সন্তানৰ পঢ়াৰ খৰছ বহন কৰি আহিছে ৷ ভূমিস্খলনৰ ফলত বৃদ্ধাগৰাকীৰ ঘৰখনৰ বয়বস্তুৰ ক্ষতি-সাধন হোৱাৰ লগতে কেইবাজনী কুকুৰা চৰাই নিধন হয় ৷ বৃদ্ধাগৰাকীৰ ঘৰ নিৰ্মানৰ বাবেও প্ৰয়োজনীয় অৰ্থ নথকাত এই অকস্মাত ভূমিস্খলনৰ ফলত বিপিএল পৰিয়ালটোৰ দুৰ্দশা কুলাই-পাচিয়ে নধৰা হৈছে ৷