কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক কাৰাগাৰৰ পৰা মুক্তি দিবলৈ ৰাজুজুৰি প্ৰতিবাদ অব্যাহত আছে৷ কৃষকজনক মুক্তিৰ দাবীত লংকাৰ কাকী মৰমী চেণ্টাৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে৷ বৰষুণৰ বতৰকো নেওচি দুই শতাধিক কৰ্মীয়ে গীত মাতেৰে সাব্যস্ত কৰে এই প্ৰতিবাদ৷ প্ৰতিবাদকাৰীয়ে কৃষক নেতা অখিল গগৈক কাৰাগাৰৰ পৰা মুক্তি দিয়াৰ দাবী কৰাৰ লগতে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবী জনায়৷
আনহাতে কৃষক নেতা অখিল গগৈক মুক্তি নিদিলে কাকীৰ পৰা গুৱাহাটীলৈ পদযাত্ৰা কৰিব বুলি প্ৰতিবাদকাৰীসকলে হুংকাৰ দিয়ে ৷