নগাঁও : ২০১৯ চনত টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিযুক্তি দিয়াৰ আহ্বান জনাইছে নগাঁও জিলা টেট উত্তীৰ্ণ সমিতিয়ে। আজি নগাঁও জিলা টেট উত্তীৰ্ণ সমিতিৰ সভাপতি মৃগাংক বৰা আৰু সম্পাদক উৎপল প্ৰতীম বৰুৱাই নগাঁও জিলা উপায়ুক্তৰ লগতে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ টেট উত্তীৰ্ণৰ বিভিন্ন দাবী সম্বলিত এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে। স্মাৰক-পত্ৰখনৰ জৰিয়তে নগাঁও জিলা টেট উত্তীৰ্ণ সমিতিয়ে ২০১৯ বৰ্ষত টেট পৰীক্ষাত উত্তীৰ্ণ হোৱা ৩৪,২১০ প্ৰাৰ্থীক নিযুক্তি দিবলৈ শিক্ষামন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰীক আহ্বান জনায়।
উল্লেখ্য যে বৰ্তমান চৰকাৰে ২০১৯ বৰ্ষত টেট পৰীক্ষা উত্তীৰ্ণসকলৰ ভিতৰত ৯,৬৩৫ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়াৰ যোজা চলোৱাত দু:চিন্তাত পৰিছে টেট উত্তীৰ্ণ প্ৰাৰ্থীসকল।
স্মাৰক-পত্ৰখনৰ জৰিয়তে টেট উত্তীৰ্ণ কমিটিয়ে সুৰ্দীঘ ৭ বছৰৰ পিছত অনুষ্ঠিত হোৱা “শিক্ষক যোগ্যতা পৰীক্ষা ২০১৯”ত উত্তীৰ্ণ হোৱা সকলো প্ৰাৰ্থীকে ২০২০ৰ ভিতৰত শিক্ষক পদত নিযুক্তি দিবলৈ দাবী জনোৱাৰ লগতে শিক্ষা বিভাগত খালী হৈ থকা পদসমূহৰ বিজ্ঞাপন আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে মুকলি কৰি নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ আহ্বান জনায়।