ডিফু : কাল কৰ’নাই বিহু আদি কৰি ইছলাম ধৰ্মালম্বী লোকসকলৰ প্ৰথমটো উৎসৱ ঈদ-উল ফিটৰৰ আনন্দ-উলাহৰ ঢৌ ম্লান কৰাৰ পিছত দ্বিতীয়টো উৎসৱ ঈদ-উল-আজহাও একেদৰে অতিবাহিত হয় ৷ সমগ্ৰ বিশ্বৰ লগত সংগতি ৰাখি পাহাৰীয়া জিলা কাৰ্বি আংলঙতো ঈদৰ আনন্দ-উল্লাহ অবিহেই অনুষ্টুপীয়াকৈ উদযাপন কৰা হয় ইছলাম ধৰ্মালম্বী লোকসকলৰ ত্যাগৰ উৎসৱ ঈদ-উল-আজহা ৷
ঈদ বুলি লোকসকলৰ মাজত পৰিলক্ষিত নহ’ল কোনো আড়ম্বৰতা ৷ পাহাৰীয়া জিলাখনৰ সদৰ চহৰত ডিফুত ডিফু মছজিদত ভক্তৰ অৱস্থিতি শূন্য আছিল ৷ চহৰখনত ইছলাম ধৰ্মালম্বী লোকসকলে নিজৰ ঘৰতেই ৪-৫ জনীয়া ক্ষুদ্ৰ জামাতত ঈদৰ দুই ৰাকাত ওৱাজিব নামাজ আদায় কৰি ঈদৰ সৌজন্যতা ৰক্ষা কৰে ৷
ইয়াৰোপৰি প্ৰতিবছৰৰ দৰে ইছলাম ধৰ্মালম্বী লোকসকলে ঈদৰ পিছত কৰ’নাকালৰ প্ৰট’কল মানি কোনো ধৰণৰ স্নেহালিংগন কৰাও পৰিলক্ষিত নহ’ল ৷ আনহাতে, কৰ’নাৰ বাবে চলি থকা সাপ্তাহিক লকডাউনৰ মাজতে উদযাপিত হোৱা ঈদ-উল-আজহাত মানুহৰ সমাগম চহৰখনত নগণ্য আছিল ৷ ঈদৰ বাবে বজাৰ-সমাৰতো নাছিল কোনো ব্যস্ততা৷
উল্লেখযোগ্য যে, জিলাখনত শেহতীয়াকৈ কৰনাক্ৰান্তৰ সংখ্যা অস্বাভাৱিকভাবে বৃদ্ধি পোৱাত ডিফু মছজিদ কমিটিয়েও ঈদ-উল-আজহা পালন কৰাৰ বাবে ইছলাম ধৰ্মালম্বী লোকসকলৰ বান্ধি দিছিল কৰনাৰ নিৰ্দ্ধাৰিত প্ৰট’কল অনুযায়ী কঠোৰ নিয়ম ৷