![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
পুনৰ ৰাজ্যত ক’ৰোনা আক্রান্তত মৃত্যু হয় এগৰাকী ব্যক্তিৰ।ইয়াকেলৈ ৰাজ্যত মৃত্যুৰ সংখ্যা ১০২গৰাকীলৈ বৃদ্ধি পালে।
তপন দাস নামৰ ব্যক্তি গৰাকীৰ কোকৰাঝাৰত ক’ৰোনা আক্রান্তত মৃত্যু হয়।মাজনিশা চিকিৎসালয়ত ভৰ্তি কৰাইছিল লোকজনক।দেওবাৰে পুৱা ৪ বজাত মৃত্যু হয় তপন দাসৰ।কৰ্কট ৰোগত আক্রান্ত আছিল ৫৬ বৰ্ষীয়া ব্যক্তিজন।











