![]()
নিউজ ডেস্কঃ
এই পৃথিৱীক শিশুসকলৰ বাসযোগ্য কৰি থৈ যাম আমি…। নৱজাতকৰ ওচৰত এই অঙ্গীকাৰ হয়তো আমি কৰিছিলো। কিন্তু কথা ৰাখিব পৰা নাই। আমি ব্যর্থ। পিছৰ প্রজন্মক হয়তো আমিয়েই মৃত্যুৰ মুখলৈ ঠেলি দিছো অলপ অলপকৈ। এই পৃথিৱীৰ তিনি চতুর্থাংশ শৰীৰত মিহলি হৈ গৈছে ক্ষতিকাৰক সীহ।
আমি দেখিছো, জানিছো, ৰিপোর্ট তৈয়াৰ কৰিছো। কিন্তু ৰোধ কৰিব পৰা নাই। ইয়াতকৈ ডাঙৰ ব্যর্থতা আৰু কিবা আছেনে! শিশুসকলে এই বিষ ৰক্ত লৈয়েই বাচি থাকিবলৈ বাধ্য হৈছে। ইউনিচেফে জনাইছে, সমগ্ৰ বিশ্বত প্রায় ৮০ কোটি শিশুৰ ৰক্তত মিহলি হৈ গৈছে ক্ষতিকাৰক সীহ। যাৰ ফল হ’ব পাৰে মাৰাত্মক।

এচিড বেটাৰীৰ অবৈধ পুনর্ব্যৱহাৰে ডাঙৰ বিপদ মাতি আনিছে। ইউনিচেফে ইতিমধ্যে এই ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰাৰ দাবী তুলিছে। ইউনিচেফ আৰু পিঅৰ আৰ্থৰ The report – The Toxic Truth: Children’s exposure to lead pollution undermines a generation of potential প্ৰতিবেদনে জনাইছে, সমগ্ৰ বিশ্বত প্রায় ৮০ কোটি শিশুৰ ৰক্তত সীহৰ স্তৰ পাঁচ মাইক্রোগ্রাম প্রতি ডেচিলিটাৰ বা তাতকৈ বেছি উপলব্ধ হৈছে।
ইউনিচেফৰ এই ৰিপোর্টে কৈছে, পৃথিৱীৰ তিনিটা শিশুৰ ভিতৰত এজনৰ ৰক্তত সীহৰ পৰিমাণ অস্বাভাবিকভাবে বেছি। ইউনিচেফে জনাইছে, শিশুসকলৰ ৰক্তত সীহৰ পৰিমাণ ইমান বেছি হৈ গ’লে চিকিত্সাৰ প্রয়োজন হয়। ইউনিচেফে লগতে এইটোও জনাইছে য়ে দক্ষিণ এছিয়াৰ শিশুসকল সকলোতকৈ বেছি পৰিমাণে আক্রান্ত।
শিশুসকলৰ স্বাস্থ্য আৰু বিকাশত ডাঙৰ প্রভাৱ পৰিব পাৰে। প্রতিবেদনত কোৱা হৈছে, সীহ শক্তিশালী নিউৰোটক্সিন। শিশুসকলৰ মস্তিষ্কত অপূৰণীয় ক্ষতি কৰিব পাৰে সীহে। এচিড বেটাৰীৰ খোলা ভাঙি মচলা ছটিয়াই দিয়ে কর্মীসকলে।
ফলত এচিড আৰু সীহৰ ধূলিকণা মাটিত পৰে। তাৰ পিছত অপৰিশোধিত সীহ উন্মুক্ত চুলাত গলোৱা হয়। য’ৰ পৰা বিষাক্ত ধোঁৱা বাহিৰ হয়। ধাতৱবর্জ্যৰ পৰাই মূলত সীহ শিশুসকলৰ শৰীৰত প্রবেশ কৰিছে বুলি জনাইছে ইউনিচেফে।











