![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
মণিপুৰত উগ্ৰপন্থীৰ হাতত প্ৰাণ আহুতি দিয়া অসম ৰাইফলছৰ জোৱানৰ ঘৰত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ বীৰ জোৱান জনৰ পৰিয়ালৰ লোকক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীয়ে কয়যে, এই মৃত্যু অপৰাজেয়।

মণিপুৰত উগ্ৰপন্থীৰ বিৰুদ্ধে সাহসেৰে যুঁজি প্ৰাণ আহুতি দিয়া অসম ৰাইফলছৰ হাবিলদাৰ প্ৰণয় কলিতাৰ বজালী অঞ্চলৰ ঘটবৰ সাদেৰী গাঁওস্থিত বাসগৃহত উপস্থিত হৈ বীৰ শ্বহীদগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনাই এই মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

দেশমাতৃৰ বীৰ সন্তান প্ৰণয় কলিতাৰ শোকসন্তপ্ত পৰিয়ালবৰ্গক সাক্ষাৎ কৰি সমবেদনা আৰু সহমৰ্মিতা প্ৰকাশ কৰাৰ লগতে অসম চৰকাৰৰ তৰফৰপৰা ২০ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়ায় । বীৰ শ্বহীদৰ মহান ত্যাগক কোনো মূল্যৰেই জুখিব নোৱাৰি। এই শোকস্তব্ধ সময়ত সমগ্ৰ দেশবাসী তথা অসমৰ জনগণ প্ৰণয় কলিতাৰ পৰিয়ালৰ লগত আছে।
বীৰ সৈনিক প্ৰণয় কলিতাৰ স্বদেশপ্ৰেম, মহান ত্যাগ আৰু বীৰত্বই নতুন প্ৰজন্মক দেশৰ বাবে সমৰ্পিতভাবেৰে আগুৱাই যাবলৈ সদায়ে অনুপ্ৰেৰণা যোগাব। তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ।











