হোজাই জিলা লংকাৰ ডিমাচা ভৱনত ১৫টা জাতি-জনগোষ্ঠী লগতে বিভিন্ন দল-সংগঠনৰ হোৱা আলোচনাৰ অন্তত হোজাই জিলা খিলঞ্জীয়া জাতি-জনগোষ্ঠী উন্নয়ন পৰিষদ গঠন কৰা হয়৷ এই উন্নয়ন পৰিষদখন ৩১ জনীয়া সদস্যৰে গঠন কৰা হয় ৷
উন্নয়ন পৰিষদে পুৰণি দিনৰ কৃতি চিহ্নসমূহ ৰক্ষণাবেক্ষণ কৰা লগতে বেদখল মুক্ত কৰা, ৰাজনৈতিক প্ৰেক্ষাপট সম-অধিকাৰ প্ৰদান কৰা, খিলঞ্জীয়াক চহৰসমূহত ব্যৱসায়-বাণিজ্যৰ সুবিধা কৰা, অৰ্থনৈতিক দিশত স্বাৱলম্বী হোৱা, খিলঞ্জীয়া লোকৰ ওপৰত নিৰ্যাতন বন্ধ কৰা, সকলো জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি ৰক্ষা কৰা, খিলঞ্জীয়া ভূমি বেদখল মুক্ত কৰাৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠী সকলো একত্ৰিত হিচাপে সকলোৰে মাজত সমন্বয় গঢ়ি তুলি হোজাই জিলাখনত আগুৱাই লৈ যোৱাৰ উদ্দেশ্যে আগত ৰাখি উক্ত পৰিষদখন গঠন কৰা হয়।