
অজন্তা তালুকদাৰ
বোকাখাত : কৰ’ণা ভাইৰাচৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশত চলি থকা লক-ডাউনৰ কালচোৱাত দেশৰ সকলো শিক্ষানুষ্ঠান বন্ধ হৈ থকাত শিশুসকল মানসিক, শাৰীৰিক সকলো প্ৰকাৰৰ উৎকৰ্ষ সাধনৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে। এই পৰিপ্ৰেক্ষিতত শিশুৰ শাৰীৰিক উৎকৰ্ষ সাধনৰ বাবে বোকাখাতৰ উদ্দীপনা সংঘৰ উদ্যোগত যোৱা ২০ জুলাইৰ পৰা ২৯ জুলাইলৈ ১০ দিনীয়া শিশুৰ এক যোগ শিৱিৰ অনুষ্ঠিত কৰা হয়।
এই শিৱিৰত বোকাখাতৰ কৰৈআটি গাঁও, মিলনপুৰ আৰু কলাখোৱাৰ মুঠ ১৮ টি শিশুৱে যোগদান কৰে। বোকাখাতৰ উদ্দীপনা সংঘৰ সম্পাদিকা তথা কুঠৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাতত্বৰ বিষয় শিক্ষয়িত্ৰী শেৱালী খনিকৰ বৰাই তেওঁৰ বাসগৃহত সংঘৰ সদস্য তথা শিক্ষায়িত্ৰী নমিতা বৰাৰ সহযোগত শাৰিৰীক দূৰত্ব মানি চলি শিৱিৰত প্ৰশিক্ষণ লোৱা প্ৰশিক্ষাৰ্থীসকলক ১০ দিনীয়া প্ৰশিক্ষণ দিয়ে। সাম্প্ৰতিক কৰ’ণাতংক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ২ আগষ্টত একে স্থানতে অনুষ্টুপীয়াকৈ অনুষ্ঠিত যোগ শিৱিৰ সামৰণি অনুষ্ঠানটিত প্ৰশিক্ষকদ্বয়ৰ লগতে উপস্থিত থাকে উদ্দীপনা সংঘৰ সভানেত্ৰী অঞ্জনা গগৈ, বোকাখাত পুৱতি সাহিত্য সভাৰ সম্পাদিকা গীতাঞ্জলি কলিতা, কবি-সাংবাদিক অজন্তা তালুকদাৰ আৰু বোকাখাতৰ এগৰাকী যুৱ যোগ প্ৰশিক্ষক চক্ৰপাণী কলিতা।
সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা যোগ প্ৰদৰ্শনৰ পাছতে প্ৰশিক্ষাৰ্থীসকলক উদ্দেশ্য কৰি গীতাঞ্জলি কলিতাই শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে আৰু প্ৰশিক্ষাৰ্থীসকলৰ আনুষ্ঠানিক পৰিচয় পৰ্ব হয়। অনুষ্ঠানতে প্ৰশিক্ষাৰ্থী নম্ৰতা বৰাই গীত পৰিবেশন কৰে। অনুষ্ঠানতে প্ৰশিক্ষাৰ্থীসকলক উদ্দীপনা সংঘৰ তৰফৰ পৰা একোখনিকৈ প্ৰমাণ-পত্ৰ প্ৰদান কৰা হয়।
উল্লেখ্য যে শিশুৰ মানসিক, বৌদ্ধিকৰ লগতে শাৰীৰিক বিকাশৰ বাবে কাম কৰি আহিছে সামাজিক, সাংস্কৃতিক আৰু ক্ৰীড়াৰ মহিলা অনুষ্ঠান তথা গোলাঘাট জিলাৰ অন্যতম শক্তিশালী সংগঠন উদ্দীপনা সংঘই। অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায় শেৱালী খনিকৰ বৰাই।










