নিউজ ডেস্কঃ
মার্কিন যুক্তৰাষ্ট্রত ছালমোনেলা বেক্টেৰায়াৰ বিষক্রিয়াৰ চিকাৰ কমপক্ষেও ৪০০ লোক। কেৱল আমেৰিকাতে নহয়, একে সময়তে কানাডাৰ পৰাও এই ধৰণৰ ঘটনা পোহৰলৈ আহিছে।
চিএনএনৰ এক ৰিপোর্টত কোৱা হৈছে, অসুস্থতাৰ বাবে কমপক্ষেও ৬০ জনক হস্পিটেলত ভর্তি কৰাব লগা হয়। অনুমান কৰা হৈছে, কোনো কোম্পানীয়ে সৰবৰাহ কৰা পিঁয়াজ খায়ে অসুস্থ হৈ পৰে তেওঁলোক।
ৰিপোর্টটোত উল্লেখ কৰা হৈছে, আমেৰিকাৰ ৩১খন ৰাজ্যত ছালমোনেলা বিষৰ প্রভাৱ দেখা গৈছে। এই ঘটনাৰ বাবে প্রাথমিকভাবে থমছন ইন্টাৰনেচনেল নামৰ এটি কোম্পানীৰ পিঁয়াজ সৰবৰাহক দায়ী কৰা হৈছে।
সংশ্লিষ্ট কোম্পানীটোৱে জনাইছে, তদন্তৰ সময়ত দেখা গৈছে যে ৰঙা পিঁয়াজৰ কাৰণে মানুহ সংক্রমিত হৈছে। অৱশ্যে কোম্পানীটোৱে তেওঁলোকে ডেলিভাৰী কৰা সকলো দোকানৰ পৰা পিঁয়াজ ঘূৰাই আনিছে।
ছালমোনেলা সংক্রমণত আক্রান্ত ব্যক্তিসকল সাধাৰণতে ডায়েৰিয়া, জ্বৰ, পেটৰ বিষৰ দৰে সমস্যা হৈ থাকে। এই লক্ষণসমূহ সংক্রমিত হোৱাৰ পিছত ৬ ঘন্টাৰ পৰা ৬ দিন পর্যন্তও থাকিব পাৰে। কিন্তু গড় হিচাবে দেখা গৈছে, সাধাৰণতে ৪ৰ পৰা ৭ দিন এই ৰোগ থাকে।
মূলত ৫ বছৰৰ কম আৰু ৬৫ বছৰৰ বেছি বয়সৰ লোকসকলেই ইয়াৰ ফলত বেছিকৈ অসুস্থ হৈ যায়। কিছু ক্ষেত্রত ছালমোনেলা সংক্রমণ অন্ত্রৰ পিছত শৰীৰৰ অন্যান্য অংশলৈ বিয়পি যাব পাৰে, যাৰ কাৰণে হস্পিটেলত ভর্তি হোৱা প্রয়োজন।
আমেৰিকাত এই বছৰ ১৯ জুনৰ পৰা ১১ জুলাইৰ ভিতৰত প্রথম ছালমনেলা সংক্রমণ দেখা গৈছে। আমেৰিকাৰ ফুড এণ্ড ড্রাগ এডমিনিস্ট্রেচনে জনাইছে, পিঁয়াজক বাদে অন্য কোনো পণ্যৰ দ্বাৰা সংক্রমণ বিয়পিছে নেকি তাকো লক্ষ্য কৰা হৈছে।