অজন্তা তালুকদাৰ
বোকাখাত : ভাৰতবৰ্ষৰ ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপন সম্পর্কে আলোচনা কৰিবৰ বাবে আজি বোকাখাত মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাকক্ষত মহকুমাধিপতি বিবেক শ্যামৰ পৌৰহিত্যত এখনি জৰুৰী সভা অনুষ্ঠিত কৰা হয়। ৰাজ্য চৰকাৰে দিয়া নির্দেশনা অনুসৰি কোভিড-১৯ স্বাস্থ্য সমন্ধীয় সম্পূর্ণ নিয়মাৱলীৰ মাজত বোকাখাত মহকুমা প্রশাসনে ভাৰতবৰ্ষৰ ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিব। স্বাধীনতা দিৱসৰ সম্পূর্ণ কাৰ্য্যসূচীত সামাজিক দুৰত্ব মানি চলাৰ লগতে মুখত মাস্ক পৰিধান কৰাটো বোকাখাত মহকুমা প্রশাসনে বাধ্যতামূক কৰিছে।
আনহাতে, শাৰীৰিকভাৱে অসুস্থ, ৬০ উৰ্ধৰ ব্যক্তি আৰু ১০ বছৰৰ তলৰ শিশুসকলক ঘৰতে থাকিবলৈ মহকুমা প্রশাসনৰ তৰফৰ পৰা অনুৰোধ জনোবা হৈছে। কৰোনা মহামাৰীৰ পৰিপ্রেক্ষিতত এইবাৰৰ স্বাধীনতা দিৱসৰ কাৰ্য্যসূচীত সাংস্কৃতিক অনুষ্ঠান বাতিল কৰা হৈছে লগতে স্বাস্থ্যৰ সুৰক্ষাৰ বাবে স্কুলীয়া ছাত্র-ছাত্রী তথা এন.চি.চি আৰু স্কাউট-গাইডৰ দলসমূহক এইবাৰৰ স্বাধীনতা দিবসৰ কুছ-কাৱাজত অংশগ্রহণ কৰাৰ পৰা বিৰত ৰখা হৈছে। কোভিড-১৯ মহামাৰীৰ প্রতি লক্ষ্য ৰাখি এইবছৰ মহকুমা প্রশাসনে স্বাধীনতা দিৱস উপলক্ষ্যে অন-লাইন ৰচনা, কবিতা আবৃত্তি তথা স্বদেশপ্রেমমূলক গীতৰ প্রতিযোগিতা অনুষ্ঠিত কৰিছে। বিদ্যালয় পর্যায়ত ষষ্ঠ শ্রেণীৰ পৰা অষ্টম শ্রেণীলৈকে “ভাৰতৰ স্বাধীনতা সংগ্ৰামত অসমৰ স্বাধীনতা সংগ্রামীসকলৰ ভূমিকা” বিষয়-বস্তুৰ ওপৰত ৰচনা প্রতিযোগিতা অনুষ্ঠিত কৰা হৈছে। ইচ্ছুক প্রতিযোগীয়ে ৫০০ শব্দৰ ভিতৰত উল্লেখিত বিষয়ৰ ওপৰত বিষদভাবে লিখি bkt.sdoc@gmail.com ই-মেইল আই.ডিত ১০ আগষ্টৰ ভিতৰত প্ৰেৰণ কৰিব লাগিব।
আনহাতে স্বাধীনতা দিৱস উপলক্ষে মহকুমা প্রশাসনে পদ্মধৰ চলিহাদেৱে ৰচনা কৰা “স্বদেশ প্রেম” কবিতাটো কবিতা আবৃত্তি প্রতিযোগিতাৰ বাবে নির্বাচিত কৰিছে। সপ্তম শ্রেণীৰ পৰা দশম শ্রেণীলৈকে ইচ্ছুক প্রতিযোগীয়ে কবিতাটো আবৃত্তি কৰাৰ এটি ভিডিঅ মহকুমা প্রশাসনৰ ৱাটছএপ নম্বৰ ৯৭০৭৪-১৪০৫৫ নম্বৰলৈ ১৩ আগষ্টৰ ভিতৰত প্ৰেৰণ কৰিব লাগিব। সপ্তম শ্রেনীলৈকে সীমাবদ্ধ স্বদেশপ্রেম মূলক গীতৰ প্রতিযোগিতা ইচ্ছুক প্রতিযোগীয়ে কোনো বাদ্যযন্ত্র সংগত নকৰাকৈ নির্বাচিত গীতটিৰ স্থায়ী আৰু এটা অন্তৰা গাই তাৰ এটি ভিডিঅ মহকুমা প্রশাসনৰ ৱাটচ-এপ নম্বৰ ৯৭০৭৪-১৪০৫৫ নম্বৰলৈ ১৩ আগষ্টৰ ভিতৰত প্ৰেৰণ কৰিব লাগিব।
উক্ত তিনিওটা প্রতিযোগিতাৰ বিজয়ী প্রতিযোগীসকলৰ নাম ১৫ আগষ্টৰ দিনা ঘোষনা কৰা হ’ব। সন্ধিয়া মহকুমাটোৰ বিভিন্ন স্থানত থকা স্বাধীনতা সংগ্রামী, মুক্তি যোদ্ধা তথা স্বাধীনতা সংগ্রামৰ লগত জড়িত অগ্রণী নাগৰিকসকলৰ প্রতিমূর্তিত বন্তি প্রজ্বলন কৰা হ’ব। সভাত মহকুমাধিপতিগৰাকীয়ে স্বাধীনতা দিৱসৰ বিভিন্ন কর্মসূচি সফল ৰূপায়ণৰ বাবে উপস্থিত সকলোৰে মতামত গ্ৰহণ কৰাৰ লগতে স্বাধীনতা দিৱসৰ প্রতিটো কার্য্যসূচী সফল্যমণ্ডিত কৰি তুলিবৰ বাবে সমূহ বোকাখাতবাসী ৰাইজৰ সহযোগিতা আন্তৰিকতাবে কামনা কৰে। আজিৰ এই সভাত সহকাৰী আয়ুক্ত ৰণনময় ভৰদ্বাজ, বিভিন্ন দল-সংগঠনৰ বিষয়-ববীয়া তথা স্থানীয় সংবাদদাতাৰ প্ৰতিনিধি সকলো উপস্থিত থাকে।