নিউজ ডেস্কঃ
ক’ৰোনাৰ বিৰুদ্ধে যুঁজত সমগ্ৰ বিশ্বত আশাৰ ৰেঙনি দেখুৱাইছে অক্সফোর্ড বিশ্ববিদ্যালয়ৰ তৈয়াৰী টীকাই। বিভিন্ন দেশতেই এই টীকা মানৱ শৰীৰত পৰীক্ষা (হিউমেন ট্রায়েল) কৰি চোৱা হৈছে। সেই পৰীক্ষাৰ শেষ দুই পৰ্যায়ৰ বাবে এইবাৰ পুনেৰ চেৰাম ইনষ্টিটিউটক সেউজ সঙ্কেত দিলে ড্রাগছ কন্ট্রোলাৰ জেনেৰেল অব ইণ্ডিয়াই (ডিচিজিআই)।
সংবাদ সংস্থা পিটিআইৰ দাবী, চেৰাম ইনষ্টিটিউটক দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ হিউমেন ট্রায়েল চলাবৰ বাবে অনুমতি-পত্র দিছে ডিচিজিআইৰ ভিজি সোমানিয়ে। চেৰাম ইনষ্টিটিউটে দিয়া বিভিন্ন প্রস্তাৱ পৰীক্ষা কৰি চোৱাৰ পিছতেই শুক্রবাৰে এক বিশেষজ্ঞ কমিটিয়ে হিউমেন ট্রায়েল চলোৱাৰ বাবে অনুমোদন দিয়ে।
তাৰ পিছত দেওবাৰে আনুষ্ঠানিকভাবে পুনেৰ প্রতিষ্ঠানটিক হিউমেন ট্রায়েল আৰম্ভ কৰাৰ অনুমতি দিয়া হৈছে। ‘কোভশিল্ড’ নামৰ এই টীকাৰ দুটা পৰ্যায়ত হিউমেন ট্রায়েলত অনুমতি-পত্র লাভ কৰাৰ কথা জনাইছে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়েও।