ৰাজ্যৰ ছয় জনগোষ্ঠীক মোডীৰ নেতৃত্বাধীন এনডিএ চৰকাৰে কৰি অহা জনজাতিকৰণৰ প্ৰতাৰণাৰ বিৰুদ্ধে সৰৱ ৰাজ্যসভাৰ নৱ-নিৰ্বাচিত সাংসদ অজিত কুমাৰ ভূঞা। ছয় জনগোষ্ঠীৰ বিষয়টো কি পৰ্যায়ত কেন্দ্ৰই ওলমাই ৰাখিছে, সেই সন্দৰ্ভত নৱ-নিৰ্বাচিত সাংসদগৰাকীয়ে ফাদিল কৰিছে মোডী চৰকাৰৰ বিষ্ফোৰক তথ্যৰ। চূড়ান্ত মিছলীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ছয় জনগোষ্ঠীক জনজাতিকৰণৰ সপোন দেখুৱাই ৰাজনৈতিক মুনাফা লুটাৰ অংকত ব্যস্ত বিজেপি চৰকাৰ – এই গুৰুত্বৰ অভিযোগ সাংসদ ভূঞাৰ।
ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দীৰ্ঘদিনীয়া দাবী ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত বঙাইগাঁৱৰ এখন সভাত বৰ্তমানৰ প্ৰধানমন্ত্ৰী মোডীয়ে কৈছিল যে ক্ষমতা লাভ কৰাৰ ১০০ দিনৰ ভিতৰত সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে বিগত ছয় বছৰ উকলি যোৱাৰ পাছতো ছয় জনগোষ্ঠীৰ দাবী, দাবী হৈয়ে ৰ’ল- ভূঞাই লগতে কয়।
উল্লেখ যে ছ’চিয়েল ষ্টাডিজৰ উপ-পঞ্জীয়ক প্ৰধানৰ তৰফৰ পৰা ভাৰত চৰকাৰৰ জনজাতীয় পৰিক্ৰমা দপ্তৰৰ সঞ্চালক লৈ ২০১৯বৰ্ষ ৫ জানুৱাৰীত প্ৰেৰণ কৰা অফিচ স্মাৰক-পত্ৰত কোৱা আছে ২০১৬ চনৰ ২৯ ফেব্ৰুৱাৰীত গৃহ মন্ত্ৰণালয়ৰ বিশেষ সচিবৰ অধ্যক্ষতাত ভাৰত চৰকাৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ আৰ্হি সম্পৰ্কে পৰামৰ্শ দিবলৈ গঠন কৰে কমিটি। কমিটিখনে নীতিগত কাৰণত ছয় জনগোষ্ঠীক অনুসূচীত জনজাতিৰ তালিকাভুক্ত কৰিব পৰা যায় বুলি পৰামৰ্শ আগবঢ়াইছিল। কেৱল এয়াই নহয় অসম চৰকাৰে জনজাতীয় পৰিক্ৰমা দপ্তৰলৈ প্ৰেৰণ কৰা প্ৰস্তাৱৰ আধাৰত ছয় জনগোষ্ঠীৰ অতিৰিক্ত নৃগোষ্ঠীগত তথ্য, গৃহ মন্ত্ৰণালয়ৰ পৰামৰ্শ কমিটি আৰু পূৰ্বৱতী লোকপিয়ল তথ্যসমূহ পুংখানুপুংখভাৱে পৰীক্ষা কৰি দিয়া প্ৰতিবেদনত কোৱা হৈছে।
উল্লেখিত ছয় জনগোষ্ঠীৰ জনজাতীয় মূলৰ আৰু তেওঁলোকৰ জনজাতীয় চাৰিত্ৰিক বৈশিষ্ট্যসমূহ বিদ্যমান। অৰ্থাৎ ভাৰতৰ পঞ্জীয়ক প্ৰধানৰ কাৰ্যালয়ে ছয় জনগোষ্ঠীক জনজাতীয় মৰ্যদা দিয়াৰ পক্ষত চৰকাৰক পৰামৰ্শ প্ৰদান কৰিছিল। কিন্তু তাৰ পাছতো ভাৰত চৰকাৰে বিষয়টো আজি লৈকে গুৰুত্ব নিদিলে বুলি সাংসদগৰাকীয়ে কয়।
দেশৰ অনুসূচীত জনজাতি আয়োগৰ সহকাৰী সঞ্চালকে ২০১৯ বৰ্ষ ৭ জানুৱাৰীত আয়োগৰ অধ্যক্ষ আৰু অন্যান্যসকললৈ দিয়া এখন পত্ৰৰ সৈতে গাঁঠি দিয়া আয়োগৰ ১১০ সংখ্যক বৈঠকৰ আলোচনাৰ সাৰংশৰ ক্ৰমিক নং-৬ত উল্লেখ আছে। অতি সূক্ষ্মভাৱে বিশ্লেষণ কৰাৰ অন্তত আয়োগ পতিয়ন গৈছে যে উল্লেখিত ছয়টা জনগোষ্ঠীৰ ক্ষেত্ৰত অনুসূচীত জনজাতীয় সকলো বৈশিষ্ট্য বিদ্যমান গতিকে তেওঁলোকক জনজাতিকৰণ কৰিব লাগে। অৰ্থাৎ সকলো বিভাগৰ সেউজ সংকেত দিয়াৰ পাছতো ৰাজ্যসভাত বিধেয়কখন ভোটৰ বাবে উত্থাপন নকৰাটো চৰম প্ৰতাৰণা বুলি সাংসদ ভুঞাই লগতে কয়।
আগন্তক ৰাজ্যসভাত ভোটৰ বাবে বিধেয়কখন উত্থাপন কৰিব লাগে বুলি চৰকাৰক আহ্বান জনায় সাংসদগৰাকীয়ে।