নিউজ ডেস্কঃ
মঙলবাৰে ঘোষণা কৰা হয় ২০১৯ বৰ্ষৰ ইউপিএছচিৰ পৰীক্ষাৰ ফলাফল। ঘোষিত ফলাফল অনুযায়ী চাৰিগৰাকী অসম সন্তানে কৃতিত্বৰে উৰ্ত্তীণ হৈছে এই পৰীক্ষাত।
ইয়াৰে আৰণ্যক শইকীয়াই ৫৯ সংখ্যক স্থানত, নিবেদিতা দত্তই ৬৯৭ সংখ্যক স্থানত, তপন ডেকাই ৭৬৬ সংখ্যক স্থানত আৰু কিশোৰ সূত্রধৰে ৭৮৪ সংখ্যক স্থান লাভ কৰে। উল্লেখ্য যে আৰণ্যক শইকীয়া হৈছে প্রাক্তন আৰক্ষী সঞ্চালক কুলধৰ শইকীয়াৰ পুত্র।
তৃতীয়বাৰৰ বাবে ইউপিএছচি পৰীক্ষাৰ ফলাফলত জিলিকিবলৈ সক্ষম হয় আৰণ্যক।উল্লেখ্য যে, এইবাৰৰ এই পৰীক্ষাত মুঠ ৮২৯গৰাকী শিক্ষাৰ্থী উৰ্ত্তীণ হৈছে।