
মহানগৰীৰ প্ৰতিবেদক :
আজি দুপৰীয়া গুৱাহাটী মহানগৰীৰ জু-তিনিআলি অঞ্চলত এখন টাটা চাফাৰী গাড়ী হঠাৎ ৰাজপথতে দাওদাওকৈ জ্বলি উঠে। ঘটনাত কোনো লোক হতাহত হোৱা নাই যদিও গাড়ীখনৰ সন্মুখভাগ সম্পূৰ্ণ ভস্মীভূত হয়। পিছত অৱশ্যে অগ্নি নিৰ্বাপক বাহিনীৰ জোৱানে জুই নিৰ্বাপিত কৰে।










