লংকা : অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমি পূজনৰ লগত সংগতি ৰাখি লংকা বিজেপি টাউন মণ্ডলে লংকেশ্বৰী নাট্য মন্দিৰত আয়োজন কৰা শ্ৰীৰাম পূজাত অংশগ্ৰহণ কৰে নগাঁৱৰ প্ৰাক্তন সাংসদ ৰাজেন গোহাঁয়ে৷ ৫০০তকৈ অধিক বছৰ অপেক্ষাৰ অন্তত দেশবাসীয়ে যি বিচাৰিছিল সেইয়া আজি পাৱলৈ সক্ষম হৈছে৷ দেশবাসী আনন্দত আত্মহাৰা হৈছে ৷
আজি ৰাম মন্দিৰৰ ভূমি পূজনে ভাৰতবৰ্ষত পুনৰ এবাৰ হিন্দু সংস্কৃতি প্ৰতিষ্ঠা হ’ল৷ এনেদৰে কয় প্ৰাক্তন কেন্দ্ৰীয় ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁয়ে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰতবৰ্ষখনক ৰামৰাজ্যলৈ পৰিবৰ্তন কৰা যি সপোন দেখিছে সেইয়া যেন সফল হ’ব বুলি প্ৰাক্তন মন্ত্ৰীজনে দৃঢ়তাৰে উল্লেখ কৰে। বাবৰি মছজিদ সন্দৰ্ভত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীজনে কয়, আমাৰ চৰকাৰে মাটি দিছে প্ৰতিষ্ঠা কৰাটো তেওঁলোকৰ কথা৷ প্ৰতিষ্ঠা কৰিলে আমিও সহায়-সহযোগ কৰিম।