নিউজ ডেস্কঃ
ৰাজ্যত বিগত ২৪ ঘন্টাত পুনৰ ক’ৰোণাত আক্ৰান্ত হৈ মৃত্যু হৈছে ৬ গৰাকী ব্যক্তিৰ। ব্যক্তি কেইগৰাকী আছিল ক্ৰমে কামৰূপ মেট্ৰোৰ ৰমেশ চন্দ্ৰ মেধি (৮১) , ডিব্ৰুগড়ৰ শ্ৰী ৰাম কুমাৰ মাহাতো (৫৮) আৰু শ্ৰী তাৰিণী চৰণ কলিতা (৬০) ; তিনিচুকীয়াৰ শ্ৰী বাদল দেৱনাথ (৫৬), কাচাৰ জিলাৰ কাণু পৌল (৫৬) আৰু দৰঙৰ পৰা শ্ৰী লালভানু খাতুন (৩৫)।
ইয়াকে লৈ ৰাজ্যত ক’ৰোণাত আক্ৰান্ত হৈ মৃত্যু হ’ল মুঠ ১২১ গৰাকী ব্যক্তিৰ। টুইট যোগে এই কথা প্ৰকাশ কৰি প্ৰয়াত ব্যক্তি কেইগৰাকীৰ বিদেহ আত্মাৰ সদগতি কামনা কৰে স্বাস্থ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাই।