ডিফু : অযোধ্যাৰ ৰাম মন্দিৰৰ আধাৰশিলা স্থাপনক কেন্দ্ৰ কৰি সমগ্ৰ ভাৰতবৰ্ষতে এক উছৱমুখৰ পৰিৱেশ অব্যাহত থকাৰ সময়তে আজি কাৰ্বি আংলঙ জিলাৰ সদৰ চহৰ ডিফু আৰু বকলীয়াঘাটতো এক আনন্দমুখৰ পৰিবেশ দেখিবলৈ পোৱা যায়। অযোধ্যাৰ ৰাম মন্দিৰৰ শিলান্যাস অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আজি ডিফুৰ বিভিন্ন মন্দিৰ, সেৱাধাম পূজা-অৰ্চনা কৰাৰ লগতে বাসস্থান আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত মম আৰু প্ৰদীপ জলায় ভক্তগণসকলে ৷
ইয়াৰোপৰি ঠাই বিশেষে ভক্তগণসকলে ফটকা ফুটাই উল্লাহ প্ৰকাশ কৰা পৰিলক্ষিত হয় বকলীয়াঘাটৰ শ্ৰীশ্ৰী ৰামজানকী শিৱ মন্দিৰতো ভক্তসকলে পূজা-পাৰ্বণ অব্যাহত ৰাখি ৰাম জনমভূমিত ৰাম মন্দিৰ স্থাপনৰ শুভাৰম্ভ অনুষ্ঠানৰ প্ৰতি সঁহাৰি জনায়।
আনহাতে, অযোধ্যাত ৰাম মন্দিৰৰ শিলান্যাসৰ মাহেন্দ্ৰ ক্ষণত ৰাম জানকী শিৱ মন্দিৰতো ধৰ্মধ্বজা উত্তোলন কৰা হয়। সন্ধিয়াৰ ভাগত মন্দিৰ প্ৰাংগণৰ লগতে সমগ্ৰ বকলীয়াঘাট বজাৰ এলেকাত বন্তি প্ৰজ্জ্বলন কৰা হয় ।
আনহাতে, ৰাম মন্দিৰৰ বকলীয়াঘাটৰ বিভিন্ন স্থানত আজি পুৱাৰে পৰা গেৰুৱা নিচান দেখিবলৈ পোৱা যায়।